জয়লতাৰ কাহিনী -বিদ্যুৎ গগৈ

©Admin
0
এখন ৰাজ্যত মোহন সিংহ নামে এজন বিখ্যাত ৰজাই ৰাজত্ব কৰিছিল। তেওঁৰ সাতটা গুণী -জ্ঞানী, সংস্কাৰী পুত্র আছিল। এতিয়া সিহঁতৰ বিয়া পতাৰো বয়স হ'ল।
        এদিনাখন ৰজাই সাত পুত্রক সাতখন ৰাজ্যৰ সাতগৰাকী ৰাজকুমাৰীৰ সৈতে একেলগে বিয়া কৰাই দিলে। সেই সাত গৰাকী ৰাজকুমাৰীৰ এগৰাকীয়েই হ'ল জয়লতা। জয়লতা বৰ ভাল স্বভাৱ আৰু সুন্দৰ সৌন্দর্য্যৰ গৰাকী আছিল। তাই সকলোকে সন্মান কৰিছিল আৰু সকলোৰে লগত মিলা প্রীতিৰে থাকি বৰ ভাল পাইছিল। সেইবাবে তাইক সকলোৱে ভাল পাইছিল আৰু মৰমো কৰিছিল। তাই বিয়াৰ দুই সপ্তাহ মানৰ পাছতেই সমগ্র ৰাজ্যত ভাল স্বভাবৰ নাৰী বুলি বিখ্যাত হৈ পৰিছিল। সেইবাবে এদিন ৰজাই ৰাজসভাত তাইক 'সুস্বভাৱী নাৰী' বুলি সকলোকে পৰিচয় কৰাই দিছিল। সেইবাবে আন ছয়গৰাকী বোৱাৰী বৰ জ্বলি- পুৰি মৰিছিল। 
           সন্ধিয়াৰ সময়, ৰাজ্যৰ সকলোৰে ঘৰৰ প্রার্থনাক সুৰে ৰাজ্যখন আনন্দময় কৰি তুলিছে। জয়লতাৰ বাহিৰে আন ছয়গৰাকী বোৱাৰী একেলগে বহি জয়লতাক কেনেদৰে বদ্নাম কৰিব পাৰি আৰু জয়লতাৰ স্বভাৱ কেনেদৰেনো বেয়া বুলি প্রমাণ কৰিব পাৰি তাৰে এটা আলোচনা কৰিলে। আলোচনাটো ইমানেই দীঘল হ'ল যে সিঁহতে আলোচনা কৰি থাকোতে কেটিয়ানো ৰাতি পুৱালে গমেই নাপালে। কিন্তু তেওঁলোকে শেষত উলিওৱা উপাইটোৱেই ব্যৱহাৰ কৰিলে।
             দুপৰিয়াৰ সময়, বতাহত গছ-গছনিবোৰ লৰিছে, ৰাজকাৰেঙৰ কাষৰ নদীখন কুলু কুলুকৈ বৈ আহিছে। এটি সুন্দৰ প্রাকৃতিক দৃশ্য। ঠিক তেনেতে ডাঙৰজনি বোৱাৰীৰ ভায়েক দ্বীপজ্যোতি ৰাজকাৰেঙত এদিন থকাকৈ আহিল। জয়লতাই ফুলনিত পানী দি আছে। তেনেতে দ্বীপজ্যোতিয়ে জয়লতাক পাছফালৰ পৰা সাৱটি ধৰিল। জয়লতাই তাক এৰোৱাবলৈ বহুত চেষ্টা কৰিলে ,কিন্তু নোৱাৰিলে। সেই সময়তে আন ছয়গৰাকী ৰাজকুমাৰীয়ে জয়লতাৰ গিৰিয়েক আৰু ৰজাক লৈ আহি জয়লতাই মনে মনে কি কৰিছে বুলি দেখাই দিলেহি। এই দৃশ্য দেখি জয়লতাৰ গিৰিয়েকে কান্দি কান্দি জয়লতাক ক'লে। 
“ছিঃ ছিঃ ছিঃ নিজৰ স্বামী থাকিও পৰপুৰুষৰ লগত এইবোৰ কৰিবলৈ তোমাৰ লাজ নালাগিল। তুমি মোৰ গোটেই জীৱন ধ্বংস কৰিলা।"
 "আপুনি ভুল বুজিছে, মোৰ গাত অলপো দুখ নাই। তেওঁহে মোৰ গাত পাছফালৰ পৰা ধৰিছিল।”
 "তুমি আৰু এটাও কথা ন'কবা। ইমানবোৰ হোৱাৰ পাছত তোমাৰ গাত দোষ নাই বুলি কেনেকৈ ক'ব পাৰিলা।"
 তেনেতে ডাঙৰ জনি বোৱাৰীয়ে ক'লে। 
"ছিঃ ছিঃ জয়লতা তুমি এনেকুৱা স্বভাৱৰ বুলি মই সপোনতো ভৱা নাছিলো। এনেকুৱা মানুহক গোটেই জীৱন কাৰাগাৰত বন্দী কৰি থব লাগে।"
 "তুমি থিকেই কৈছা বোৱাৰী। তাইক ইমান মৰম দিয়াৰ পাছতো তাই এনেকুৱা হব বুলি মই কল্পনাই কৰিব পৰা নাছিলো। চিপাহী এইক এতিয়াই কাৰাগাৰত বন্দী কৰা।" ৰজাই খঙেৰে ক'লে।
 " ৰ'ব, তাইৰ গাত একো দুখ নাই।" পাছফালৰ পৰা ৰাণীয়ে ক'লে। এই কথা শুনি আকৌ ৰজাই ক'লে। 
"দুখ নাই, ইমানবোৰ হোৱাৰ পাছত তুমি দুখ নাই বুলি ক'লা যে।" 
"অঃ, দুখ নাই। আজি ৰাতিপুৱা এই ছয়জনী বোৱাৰীয়ে কথা পাতি থকা মই নিজ কাণেৰে শুনিছোঁ। গতিকে মই কথাবোৰ কোৱাৰ আগতেই সিঁহতে নিজেই কোৱাটো ভাল।"
 ৰাণীৰ কথা শুনি ছয়জনী বোৱাৰীয়ে ৰজাৰ ভৰিত পৰি ক্ষমা খুজিবলৈ ধৰিলে। 
"কি হৈছেনো, মা তুমিয়েই কোৱাচোন" জয়লতাৰ গিৰিয়েকে ৰাণীক ক'লে।
 "কৈছো শুন, ৰাতিপুৱাৰ সময়ত সিহঁতে কথা পাতি আছিল। এতিয়া দ্বীপজ্যোতি অহাৰ পৰা যিবোৰ হৈ আছে। সেইবোৰ সকলো ইহঁতৰ পৰিকল্পনা। ইয়াত জয়লতাৰ কোনো দুখ নাই।"
           এই কথা শুনি ৰজাৰ বৰ খং উঠিল আৰু তেওঁ আন ছয়জনী বোৱাৰীৰ লগতে দ্বীপজ্যোতিকো আজীৱন কাৰাদণ্ড দিলে। ৰজা আৰু জয়লতাৰ গিৰিয়েকে জয়লতাক ক্ষমা খোজিলে আৰু সকলো মিলিজুলি জীৱন-যাপন কৰিলে। ইফালে ছয়জনী বোৱাৰীৰ লগতে দ্বীপজ্যোতি কাৰাগাৰত দুখেৰে জীবন-যাপন কৰিলে। সেইবাবে কোনেও কাৰো বেয়া চিন্তা কৰিব নালাগে আৰু আনৰ উন্নতি হ'লে জ্বলিব নালাগে।

 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)