তুমি কিয় অসুখী - সৰিফুল আলম

©Admin
0
কেতিয়াবা তুমিও দৃষ্টিগোচৰ কৰিবা 
তৰাই তিৰবিৰাই থকা আকাশ,
কেতিয়াবা তুমিও দৃষ্টিগোচৰ কৰিবা 
মুক্ত মনে বিচৰণ কৰি থকা চিৰিকটি ,
কেতিয়াবা তুমিও দৃষ্টিগোচৰ কৰিবা 
হৃদত উকি মৰা মৎস্যপ্ৰাণী 
কেতিয়াবা তুমিও দৃষ্টিগোচৰ কৰিবা,
নাচি বাগি থকা পখিলা,
কেতিয়াবা তুমিও দৃষ্টিগোচৰ কৰিবা 
পুৱাৰ আগজাননী দিয়া কুকুৰা 
কেতিয়াবা তুমিও দৃষ্টিগোচৰ কৰিবা 
কপৌজাকৰ এনাজৰী 
তেন্তে তোমাৰ নো কিয় ইমান 
আশংকা, অসন্তুষ্টি , অভিযোগ 
তুমি তো হোৱা জীৱ শ্ৰেষ্ঠ।
কেতিয়াবা তুমিও কৰিবা  চিন্তা 
ধনাত্মক মনোতথ্যৰে ,
তেন্তে কৰিব পাৰিবা অনুভৱ 
জীৱনক সঁচা অৰ্থত ।



  

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)