এমুঠি শব্দ ••কংকন ডেকা

©Admin
0
 মই,
মোৰ শব্দবোৰক 
মৰমেৰে ডাঙৰ 
কৰিছোঁ,
মোৰ শব্দই বুজে যে 
আন বহু শব্দক,
বুজাবও পাৰে
হাজাৰজনক,
কিয় জানা ...?

মই মোৰ শব্দক আন্ধাৰত
জীয়া যান্ত্ৰণাৰ বাবে এৰি দিছিলোঁ
সেয়ে,
এতিয়া সকলোকে বুজি 
নিজেই আন্ধাৰত থাকি
আনক পোহৰ দিয়ে 
নিজৰ দুখক ভেদি,
আৰু কি জানা !
মোৰ শব্দবোৰ
বৰ মৰম আকলোৱা ।

মই মোৰ
শব্দৰ লগতে 
লালিত-পালিত হৈ 
থাকিম আজীৱন ।
শব্দৰে যে চহকী
হৈ... 
ৰাখিব সকলোকে মৰমে 
সাৱটি,
শব্দবোৰক ৰাখিম  
সজাই ধুনীয়াকৈ
তেতিয়া মোৰ শব্দবোৰ 
জিলিকিব 
সকলোৰে হৈ...।।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)