"গৈছো...দুপাত্তা খন ঠিক কৰি লওঁ"
মা এ বাঢ়ি দিয়া ভাত কেইটা খাই খৰধৰকৈ কলেজলৈ বুলি উলাই গ'লো। ইফালে আজি কলেজৰ শেষ দিন।বাছ ষ্টপটোত সময়তকৈ পোন্ধৰ মিনিট আগতেই গৈ পালোগৈ। এইটো মোৰ পুৰণি অভ্যাস হৈ পৰিল।বাছলৈ বুলি সদায় একেই স্থানতে ৰওঁগৈ। আজি সেই ঠাইত কোনো নাছিল। সদায় কিন্তু বাছ ষ্টপটোলৈ এখন চিনাকি মুখ আহে। প্ৰতিদিনেই তেওঁ আহে একেই সময়তে। ইমান দিনে ইজনে আনজনৰ লগত কথা নাপাতো।মাঠু দুচকুৰে চাওঁ আৰু সামান্য হাঁহো।সিমানখিনিটেই আন্তৰিকতাবোৰ গঢ় লৈহে যেন উঠিল। ইফালে আজি বতৰটো ডাৱৰীয়া। বৰষুণৰ টোপাল বোৰ এতিয়া যেন নামি আহিব টুপ টুপকৈ।
বাৰে বাৰে চাই আছোঁ তেওঁ অহা বাটটো লৈ। তেওঁ বাৰু জানে নে আজি মোৰ কলেজৰ শেষ দিন।বুকু খন ঢপ কৰি উঠিল।হেৎ কি ভাবিছো এইবোৰ মই। কিন্তু কথাটো নোহোৱাটো নহয়। তেওঁ কেতিয়াবা ক'তো নগ'লেও মই বাছ ষ্টপটোলৈ আহি পোৱাৰ অলপ সময়ৰ পাছতে আহি ৰয় হি। মই বাছত উঠি গুছি যোৱাৰ পাছত তেওঁ পুনৰ ঘূৰি যায় । কথাতে কয় মুখেৰে প্ৰকাশ নকৰিলেও চকুৰ ভাষাই বহু কথা কৈ যায়। আকৌ ভাবিলো মই বাৰু আজি তেওঁৰ কথা বেছিকৈ কিয় ভাবিছোঁ।আজি শেষ দিন বাবে নেকি?
"আজি কলেজৰ শেষ দিন নেকি?"
ভাৱত ডুব গৈ থাকোঁতে কাৰোবাৰ মাতত উচপ খাই উঠিলোঁ। ঘূৰি চাই দেখোঁ,সেই চিনাকি মুখখন।এজাৰ ৰঙৰ চাৰ্ট পিন্ধি, হাতত এটা ছাতি লৈ আহিছিল। মোক দেখি মুখখন উজলি উঠিছিল তেওঁৰ।লাহেকৈ মাতিলো।
"ওম,হয়।"
আকৌ মই তেওঁক পুনৰ সুধিলো
"আহিলে.."
তেওঁ লাহেকৈ কৈছিল
"নহাকৈ পাৰে নে?...তাতে তোমাৰ এই বাছ ষ্টপটোত চাগে শেষ দিন?"
দুচকুলৈ চাই ৰৈছিলোঁ তেওঁৰ,
"কি হ'ল একো নকলা যে?"
"নহয়..মানে। আহিবলগীয়া হৈ থাকিব মাজে মাজে।"
কথাপাতিছিলো দুয়ো। নিজৰ ভাল লগাৰ পৰা ঘৰৰ ঠিকনাৰ পৰিচয় লৈকে। হঠাৎ তেওঁ কৈছিল
"এদিন যাম দিয়া তোমালোকৰ ঘৰলৈ"
"নিশ্চয়,আহিব..."
তেওঁ আকৌ কৈছিল.....
"বতৰটো ডাৱৰীয়া,ছাতি নানিলা"
হয়টো তেওঁ কোৱাত হে মোৰ মনলৈ আহিছে।ছাতিটো আনিবলৈ পাহৰি থাকিলো।চেহঃ কি হ'ব এতিয়া। বৰষুণৰ টোপাল বোৰ লাহে লাহে সৰি মোৰ গালে মুখে পৰিছিলহি।ক'ৰবাৰ পৰা চেঁচা বতাহ এজাকো আহি চুই গৈছিলহি।
তেওঁ ছাতিটো মোৰ ফালে আগবঢ়াই দি কৈছিল
"এইটো লোৱা।"
"নাই নালাগে,বাছ আহিব এতিয়া"
"বাছ আহে মানে তুমি তিতিবা...একো নহয় ছাতিটো লোৱা "
মই ল'বলৈ সংকোচ কৰি কৈছিলো...
"কিন্তু আপুনি যে তিতিব..."
তেওঁ মোৰ হাতত ছাতিটো দি দুখুজ আগুৱাই আকাশলৈ চাই হাত দুখন বহলকৈ মেলি কৈছিল
"বৰষুণৰ মই আজন্ম প্ৰেমিক,বৰষুণ ভালপাওঁ মই... আৰু তোমাক।"
হঠাৎ তেওঁৰ মুখত তেনেকৈ শুনি চক খাই তেওঁলৈ চাইছিলো।দুচকুত এক মায়া আছিল তেওঁৰ।বাছখনো সেই সময়ত আহি পাইছিল। মই বাছ খনত উঠি তেওঁলৈ ঘূৰি চাইছিলো।ছাতিটো তেওঁৰ মোৰ হাততে থাকিল। বৰষুণত তিতি দুখন হাত তেতিয়াও তেওঁ মেলি ৰৈ আছিল। বৰষুণৰ প্ৰেমিকজনৰ দুচকুৱে মোৰ পৰা উত্তৰ বিচাৰিছিল।

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ