জীৱনৰ অন্তিম ক্ষণলৈকে
সাহসৰ প্ৰতীক হিচাপে
মোৰ হৃদয়ৰ গভীৰলৈকে?
ক'বা জানো মোক
মোৰ প্ৰতি তোমাৰ অনুভৱ,
নিষ্পাপ প্ৰেমৰ প্ৰতিদানত
তোমাক পোৱা কেতিয়া হ'ব সম্ভৱ?
স্বচ্ছ কোমল হৃদয় মোৰ
কেতিয়াও আঘাত নাহানিবা,
অজুহাতেৰে সুখ বিচাৰি
ছলনাৰে আঁতৰি নাযাবা।
আকোঁৱালি ল'বা জানো মোক
সমস্ত ভুল আঁতৰাই,
হ'বা মাথোঁ তুমি মোৰ
গৰ্বৰে ক'ব পাৰিম মই।
শান্তিৰ ঠাই তুমি জানো হ'বা
হৃদয়ৰ কোমল গোলাপ হৈ,
তোমাৰ কোলাত শুই
পাৰ কৰিম জীৱন নৈ।

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ