ভাল পোৱাৰ শিপাবোৰ ••ৰাতুল চেতিয়া ফুকন

©Admin
0
বুকুৰ পৰা প্ৰিয়জনলৈ
দেশৰ পৰা দেশান্তৰলৈ
পৃথিৱীৰ পৰা অন্তৰীক্ষলৈ
বগাই ফুৰা 
ভালপোৱাৰ শিপা বোৰ
এতিয়া 
ৰঙা পৰুৱাই কুটি খাইছে।
বিশ্বাসৰ বৰগছ জোপা 
কোনদিনা উভালি পৰে ঠিক নাই ।
হাউলিব ধৰা গছডাল
ভালপোৱাৰ শিপা বোৰে ধৰি থৈছিল অতদিন ।
এতিয়াও আছে।
কিন্তু কিমান দিন থাকিব
নকল শিপা লৈ ।
যিদিনাই নকল শিপাৰ স্বৰূপ ওলাব
গছজোপা উভালি পৰিব
সিদিনাই।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)