টোপাটোপে সৰিছে তেজ ধুলি বালিত
ৰক্তক্ষৰণ অবৰ্ণনীয়
অসহনীয় বেদনাত জয় পৰিল মন ।
চিন্তাৰ বেমেজালিয়ে ভূমুকিয়ালে
ফেঁহুজালিত ঘুমটি হেৰাল ,
বিৰক্ত বাসনাৰ উকমুকনিত
উপজি পুৱাতে বাট পাহৰিলোঁ ,
কণাৰ লাখুটি অকস্মাতে হেৰুৱালোঁ ।
গুণাগুঠা কৰি থাকোতে
চিগিল আঠা দিয়া মৰমৰ বান্ধ
উটি গ'ল প্ৰণয়ৰ কোমল অনুভৱ ,
প্ৰতিশ্ৰুতিৰ চেতনা হেৰাল ,
লুপ্ত হ'ল উদ্দীপ্ত বাসনা মনৰ
বতাহে উৰুৱাই লৈ গ'ল হেঁপাহ ।
ভঙা কাঁচে কাটিছে ভৰিৰ পটা
খোজ দিব পৰা নাই তোমাৰ পদুলিত
লগ পাব নোৱাৰোঁ তোমাক !
যন্ত্ৰণাৰ দৃশ্যলৈ দৃষ্টি নিদিবা,
দুৰৰ পৰা সুধিছোঁ তোমাক
ফুলিছেনে পলাশ ফুল তোমাৰ পদুলিত
মেলিছেনে ৰঙা গোলাপৰ পাহি
আগ চোতালত ?
বুজনি দিব পৰা নাই ঠেহ লগা মনক
উকা উকা ফাগুনত
কেতিয়া বলিব বতাহ
মেলিবনে কুঁহিপাত এই বহাগত ?

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ