অসমৰ অসমীয়া ভাষা সংস্কৃতি
অনুভৱে মোৰ বুকুত বিন্ধিছে
কি ৰূপ ল'ব এদিন আমাৰ সংস্কৃতি
অসমীয়া ভাষাই লাভ কৰিছে
ধ্ৰপদী ভাষাৰ মৰ্যদা
তথাপিও আজি যেন আমাৰ ভাষা সংস্কৃতি বিপদত পৰিছে
সুন্দৰ মনোৰম শব্দবোৰ
লাহে লাহে বিলুপ্ত হ'ব ধৰিছে।
হেৰুৱাইছে আপোনতাৰ ভাব
নাই সেই মাদকতাৰ সোৱাদ
প্ৰতিযোগিতা কেৱল আধুনিকতাৰ
মৰমৰ মা গৈ মম,মামী হ'ল
দেউতাও হ'ল পাপা,ডেডী ইত্যাদি
এখোজ দুখোজ কৈ আগমন
বিদেশীৰ সংস্কৃতি
ভুলবোৰ কাৰ ক'ব যে নোৱাৰোঁ
নগণ্য জ্ঞানৰে বুজাই দিবও নোৱাৰোঁ
কিন্তু মই মোৰ ভাষা সংস্কৃতিক
কেতিয়াও হেৰুৱাব নোৱাৰোঁ
মই অসমীয়া আৰু অসমীয়া
হৈয়েই থাকিব বিচাৰোঁ
নালাগে কাৰো প্ৰমাণ পত্ৰ
মই যে অসমীয়া
চিৰ চেনেহী ভাষা মোৰ জননী
আই অসমীৰ কোলাতেই
এদিন বিলীন হব বিচাৰোঁ
এদিন বিলীন হব বিচাৰোঁ।।

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ