ফাগুন মানেই এক মন পৰশি যোৱা ক্ষণ। ফাগুনৰ পছোৱাই গছ বিৰিখৰ পাত সলাই নাঙঠ কৰি পেলায়। ফাগুনৰ বলিয়া কোবাল বতাহে প্ৰকৃতি ধুলিৰে ধুসুৰিত কৰে। নাথাকে সেউজীয়া ভৰা সেই ধুনীয়া ধৰণী। ফাগুনৰ পছোৱাই গছৰ পাতবোৰ দূৰলৈ লৈ যায়।সৰাপাতৰ শব্দত উকা দুপৰীয়াবোৰ জীপাল হয়।ফাগুনৰ পৰশতে পলাশ-মদাৰ-শিমলু ডাল ভৰি ভৰি ফুলে।পলাশ-মদাৰৰ ৰঙা ৰংবোৰ চাৰিওফালে সিঁচৰতি হৈ চৌদিশ ৰাঙলী কৰি তোলে। ফাগুনৰ ৰাঙলী সন্ধিয়াবোৰ কবিৰ হৃদয়ত ভাৱৰ যংকাৰ তোলে। ফাগুনৰ পছোৱাজাকে যেন বহু কথাকেই সুৱৰাই সোঁৱৰাই দিয়ে। এই দৰদী ফাগুনেই জোৰা লগাই দুখন হৃদয়ক,দুটি মনক।ফাগুনৰ বুকুতে মুখ গুজি প্ৰতিশ্ৰুতিবদ্ধ হয় দুখন হৃদয় জীৱনজুৰি থকাৰ বাবে।উতলা ফাগুনে মনটোকো উগুল থুগুল কৰি তোলে।উদং পথাৰখন,লঠঙা গছবোৰ,শুকান নদীখন এইবোৰতে দেখা পোৱা যায় উতলা ফাগুনৰ ৰঙীন ছবিখন।
মুঠতে ফাগুন মানেই হ'ল উদাসী মন,লঠঙা গছত চৰাইৰ বিননী,উদং পথাৰখনত শুকান নৰাৰ মুঠি,সৰাপাতৰ খচখচনি, বতাহৰ সুহুৰি, আৰু সৰাপাতৰ ওপৰত উদঙীয়া গৰু-ম'হৰ খোজৰ শব্দ। দৃষ্টি-নিলাজ ফাগুনৰ পছোৱাৰ কোবত বাৰে বাৰে খহা গাভৰুৰ বুকুৰ আঁচল,সৰি পৰা গাভৰুৰ বুকুৰ উৰণি।
ফাগুনৰ আঁচলতে মুখ গুজি বসন্তৰো আগমন হয়।লাজত মুছকছ যোৱা লঠঙা গছবোৰে নতুন পাতৰ সোনালী সপোন দেখে।ঋতুৰাজ বসন্তক হাতবাউলী মাতে।....
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ