সুপ্ত আৱেগ••আয়শা ছিদ্দিকা

@admin
0
সুপ্ত আৱেগ খনি ক্ষিপ্ৰ হয়
মাথোঁ প্ৰকাশ নহয় কেতিয়াও
হৃদয়ৰ অন্তৰ্ভাগ তপ্ত হৈ জ্বলে
লেলিহান একুৰা জুইৰ দৰেই....

নীলা নীলা শুভ্ৰ আকাশখনো
ডাৱৰৰ আৱৰণে ছানি ধৰে
মেঘৰ ক্ষুদ্ৰ কণিকা জমি জমি
বাৰিষাৰ গধুৰ টোপাল হৈ সৰে...

সেউজীয়া শস্য পূৰ্ণ পথাৰো
ফচল শূণ্য হয় ঋতুয়ে ঋতুৱে
বিশাল পথাৰ উদং হৈ ৰয়
শূণ্যতা আঁকোৱালী লয় বুকুতে...


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)