আপুনি আনৰ বাবে কি কৰিছে••সংযুক্তা দত্ত

@admin
0
     জীৱনৰ আটাইতকৈ নিৰন্তৰ আৰু জৰুৰী প্ৰশ্নটো — 'আপুনি আনৰ বাবে কি কৰি আছে।' 

                — মাৰ্টিন লুথাৰ কিং, জুনিয়ৰ।  

    আমি প্ৰত্যেকেই জীৱনত এটা উচ্চ স্থান পাবৰ বাবে কিবা নহয় কিবা এটা নিশ্চয় কৰি থাকোঁ, যাতে ভৱিষ্যতে আমাৰ ভাল হয়। সুখী আৰু সফল জীৱন সকলোৰে কাম্য। সেইবাবে আমি প্ৰত্যেকদিনাই নিজৰ কাম অধিক ভালদৰে কৰিবলৈ চেষ্টা কৰোঁ। আমি সকলোৱে নিজৰ বাবেই কাম কৰোঁ। আমি নিজৰ বাবে যেতিয়া কাম কৰোঁ সেই কাম আমি নিস্বাৰ্থভাৱে কৰোঁ৷ কামটোত যাতে কোনোধৰণৰ ভুল থাকি নাযায়, তাৰবাবে আমি যৎপৰোনাস্তি চেষ্টা কৰোঁ। আমি এই চেষ্টা অব্যাহত ৰাখিবই লাগিব৷ কাৰণ - এজন ব্যক্তিৰ পৰিচয় সদায় তেওঁৰ কামেৰেই দিয়ে।যিকোনো এটা কাম যদি আমি সততাৰে কৰি থাকোঁ, তেনেহ'লে সেই কামটোৰ দ্বাৰাই আমি এদিন ক্ষমতাও লাভ কৰোঁ। সততাৰে কৰিব নোৱৰা কিছুমান কাম আমি ক্ষমতাৰে কৰিব পাৰোঁ। এটা কথা সদায় লক্ষ্য ৰাখিব লাগিব, আমি ক্ষমতাৰে কৰা কাম এটা যাতে সততাৰ দ্বাৰাহে সিদ্ধ হয়।  
                  আমাৰ প্ৰত্যেকৰে জীৱনত এনেকুৱা এটা মুহূৰ্ত আহে য'ত আমি সকলোৱে নিজকে এবাৰ হ'লেও সোধাৰ প্ৰয়োজন — আপুনি আনৰ বাবে কি কৰিছে? সেয়া সমাজৰ প্ৰতিজন সচেতন ব্যক্তিৰ বাবে হ'ব পাৰে তথা যিকোনো বৃত্তিধাৰী লোকৰ বাবেও হ'ব পাৰে। এই কথাষাৰ আমাৰ সকলোৰে মনলৈ এবাৰ হ'লেও অহা উচিত। আমি সকলোৱে এটা কথা জানো যে আমাৰ জীৱনৰ অন্তিম ক্ষণত কোনেও হিচাপ নলয় যে - আমি নিজৰ বাবে কি কৰিলোঁ বা নকৰিলোঁ। সমাজত স্থান কেনেকুৱা আছিল উচ্চ নে নিম্ন। কিন্তু ইয়াৰ বিপৰীতে এটা কথা সকলোৱে হিচাপ ল'ব তেওঁ ব্যক্তিজন জীৱিতকালত কেনেকুৱা আছিল? তেওঁ আনৰ বাবে কিবা কৰি থৈ গৈছেনে? আনৰ বাবে কৰা এটা সৰু কামৰ দ্বাৰাই এদিন আপোনাক সকলোৱে মনত ৰাখিব। গতিকে জীৱনৰ আটাইতকৈ নিৰন্তৰ আৰু জৰুৰী প্ৰশ্নটো হ'ল — আপুনি আনৰ বাবে কি কৰি আছে? 

                        

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)