২৭ ফেব্ৰুৱাৰী ইতিহাসত আজিৰ দিনটো

©Admin
0
২৭ ফেব্ৰুৱাৰী দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৫৮তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩০৭টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ'ল-
১/ আজিৰ দিনটোতে ১৮৪৪ চনত ড'মিনিকান প্ৰজাতন্ত্ৰই হাইটিৰ পৰা স্বাধীনতা লাভ কৰিছিল।
২/ আজিৰ দিনটোতে ১৮৭০ চনত জাপানৰ ৰাষ্ট্ৰীয় পতাকা গ্ৰহণ কৰা হৈছিল।
 ৩/ আজিৰ দিনটোতে ১৯২৫ চনত অসমীয়া চলচ্চিত্ৰ প্ৰযোজক, পৰিচালক, সঙ্গীত পৰিচালক, কণ্ঠশিল্পী, অভিনেতা আৰু চিত্ৰনাট্যকাৰ ব্ৰজেন বৰুৱাৰ জন্ম হৈছিল।
৪/ আজিৰ দিনটোতে ১৯৮৬ চনত ভাৰতীয় হকী খেলুৱৈ সন্দীপ সিঙৰ জন্ম হৈছিল।
৫/ আজিৰ দিনটোতে ১৯৮৮ চনত অসমীয়া কণ্ঠশিল্পী সুবাসনা দত্তৰ জন্ম হৈছিল।
৬/ আজিৰ দিনটোতে ১৯৩১ চনত ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ মুক্তিযুঁজাৰু চন্দ্ৰশেখৰ আজাদৰ মৃত্যু হৈছিল।
৭/ আজিৰ দিনটোতে ২০১০ চনত ভাৰতীয় সমাজকৰ্মী নানাজী দেশমুখৰ মৃত্যু হৈছিল।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)