---- ড° ভবেন্দ্ৰনাথ শইকীয়া।
মানুহে মানুহক উপকাৰ কৰে আৰু মানুহে মানুহক অপকাৰ কৰে , মানুহে মানুহৰ শত্ৰু, মানুহে মানুহৰ বন্ধু । আনৰ উপকাৰ কৰিব পৰাটো এটা মহৎ গুণ যিটো গুণ সকলোৱে আয়ত্ত কৰিব নোৱাৰে । উপকাৰ অৰ্থাৎ আনৰ কাৰণে ভাল কাম এটা কৰি দিয়া। আৰু অপকাৰ অৰ্থাৎ আনক বিপদত পেলোৱা। আনৰ কাৰণেই হওক বা নিজৰ কাৰণেই ভাল কাম এটা কৰিবলৈ আমাক যথেষ্ট সময়ৰ প্ৰয়োজন হয় ।ঠিক ইয়াৰ বিপৰীতে বেয়া কাম এটা কৰিবলৈ আমাক বেছি সময় নালাগে। আমি আনৰ উপকাৰ কৰিব পাৰিলে কৰিব লাগে , নোৱাৰিলে নালাগে কিন্তু কাৰো অপকাৰ কৰিব নালাগে। আনৰ উপকাৰ কৰা উচিত কিন্তু নিজক বিপদত পেলাই নহয়। অৰ্থাৎ আনৰ উপকাৰ কৰিবলৈ যাওঁতে আপুনি এটা কথা লক্ষ্য কৰিব লাগিব , আনৰ উপকাৰ কৰিব পৰা সমৰ্থ আপোনাৰ আছে নে নাই । যদি আছে কৰক যদি নাই তেনেহ'লে নিজক বিপদত ৰাখি নকৰাটোৱেই শ্ৰেষ্ঠ।
উপকাৰ কৰাৰ আগত এবাৰ ভাৱক - আপোনাৰ সহায়ে কাৰোৱাৰ জীৱনলৈ হয়তো হাঁহি ঘূৰাই আনিব পাৰে। আৰু অপকাৰ কৰাৰ আগত এবাৰ ভাৱক - আপুনি হয়তো কাৰোৱাৰ হাঁহি কাঢ়ি আনিছে । যদিহে আপুনি কাৰো উপকাৰ কৰিব নোৱাৰে তেনেহ'লে দুখ নকৰিব কিয়নো আপুনি কাৰো অপকাৰো কৰা নাই ।

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ