নীলা খামৰ চিঠি -সমীৰণ

©Admin
0
মৰমৰ মনালিছা 

মৰম ল'বা।তোমালৈ জন্মদিনৰ শুভেচ্ছা যাচিলোঁ। তোমাৰ জন্মদিনত হেজাৰ ৰঙৰ ফুল ফুলক মনালিছা, তোমাৰ জন্মদিনত মোৰ বুকুত চাইৰেণ বাজে। আজি তোমাৰ জন্মদিনত যাচিলোঁ মোৰ এপাহ সাঁচতীয়া পদুম কলি।সুখী হোৱা মনালিছা তোমাৰ আহিবলগীয়া দিনবোৰত
মনে বিচৰা ধৰণে সুখী হোৱা।
তুমি যে  মোৰপৰা আঁতৰি গৈ, প্ৰতাৰণা কৰিলা তুমি মোক মই নীৰৱে এচুকত পৰি ৰ'লো,জানা!
বুকুখনৰ কোনোবাখিনিত আজি মোৰ বৰকৈ খুন্দিয়াইছে। সোঁৱৰণীৰ মেৰপাচত পৰি মনত আছেনে মনালিছা তুমি আৰু 
মই সজোৱা সেই মন্দিৰটোৰ কথা? বহুত মৰমেৰে সজোৱা সেই মন্দিৰটোৰ কথা! বহুত মৰমেৰে সজাইছিলো সেই মন্দিৰটো!অ' তুমিতো এতিয়া তোমাৰ মনৰ মানুহ জনৰ লগত
গোপন অভিসাৰত মত্ত হৈ আছা 
তোমাৰ শয়নকক্ষত! 
কিয় মনালিছা !
কিয় তুমি মোক ইমান 
প্ৰতাৰণা কৰিলা?
অ' ঠিকেইটো
কৰিছাঁ ভালেই কৰিছা কাৰণ মই 
হ'লো এজন টেক্সী ড্ৰাইভাৰ, তোমাৰ সমকক্ষ নহওঁ কিম্বা তোমাৰ উপযুক্ত 
তুমি ঠিকেই বাছনিত উত্তীৰ্ণ হ'লা 
আৰু আজিও ম ই ৰ'লো 
তোমাৰেই উপেক্ষাত।

      ইতি 
তোমাৰেই উপেক্ষিত 
সমীৰণ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)