ফাগুন কোন বাটে আহে-যুগল কিশোৰ কেওঁট

©Admin
0
ফাগুন কোন বাটে আহে
দেহ মন উতলাই
দেহৰ ভাঁজে ভাঁজে
মনৰ কুঁহে কুঁহে
এছাটি ফিৰফিৰীয়া মিঠা অনুভৱ হৈ
ফাগুন আহে।

ফাগুন কোন বাটে আহে
গাঁৱৰ একা বেঁকা বাটেৰে
ধূলিৰ ফাকু খেলি
ফাগুন আহে। 

ফাগুন কোন বাটে আহে 
চহা কৃষকৰ মূধচ উৰুৱাই 
মাঘৰ উৰুকা নিশাৰ দৰে 
ফাগুন আহে। 

ফাগুন কোন বাটে আহে 
পলাশৰ ৰং ছটিয়াই 
শিমলুৰ তুলা উৰুৱাই 
মদাৰৰ দলিচা পাৰি 
ফাগুন আহে। 

ফাগুন কোন বাটে আহে 
প্ৰকৃতিৰ লঠঙা বিৰিষত 
সেউজীয়া চাদৰ মেৰিয়াই 
ফাগুন আহে। 

ফাগুন কোন বাটে আহে 
প্ৰকৃতিৰ প্ৰতিজোপা গছৰ 
ভাজেঁ ভাঁজে কুঁহি মেলি 
ফাগুন আহে। 

ফাগুন কোন বাটে আহে 
মন চঞ্চলা ডেকা - গাভৰুৰ
মনে প্ৰাণে 
ফাগুন আহে। 

ফাগুন কোন বাটে আহে 
শুকুলা মেঘৰ আঁচল টানি 
ধৰাৰ বুকুলৈ 
ফাগুন আহে। 


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)