দেউতা~বিদ্যুৎ গগৈ

Rinku Rajowar
0
অ দেউতা তুমি
      মোৰ প্রাণ তুমি 
 সকলোতকৈ ধুনীয়া
         তুমিয়েই আজি 
জন্ম ললো এই ধৰাখনিত
        তোমাৰে কষ্টৰ বলতে আজি ।
তোমাৰ মৰম তোমাৰ চেনেহ 
       সাবতি লৈ জিৰাম তোমাৰ      
                 বুকুতে আজি ।

ক'ত কষ্ট কৰি 
       জীৱনত তুমি 
ৰঙীন কাপোৰ 
       পিন্ধাইছা আজি।


তোমাৰ সঁহাৰি পাই
           জীৱনৰ সোনালী বাটত ,
 ভৰি দিবলৈ শিকিছোঁ আজি।
    তোমাৰ মৰম স্নেহবোৰ   
         বুকুতে ৰাখি 
জীৱনত আগবাঢ়িম
         তোমাৰ সহায়ত আজি।

 মোৰ জীৱনত আজি
       ভগৱান হৈ তুমি 
  দেখা দিলা  মোৰ দেউতা।

জীৱনৰ শৈশৱ চোৱাত
      বোকোচাত বান্ধি লৈ তুমি
 দেখাইছিলা  মোক 
        ৰঙীন পৃথিৱী।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)