চিনাকি চিনাকি মন~অনন্ত কুমাৰ ভূঞা

Rinku Rajowar
0
এমোকোৰ হাঁ‌হিৰে
এজাক সপোনৰ মাজত 
হেৰুৱালোঁ মোৰ চিনাকি বাট 
অচিনাকি হ'ল চিনাকি সপোন ।
উদুলি-মুদুলি স্বপ্নবিভোৰ গধূলি
আলোকৰ যাত্ৰা পথৰ লগৰি 
ক্লান্তিৰ ভাগৰুৱা অৱসাদ
অশান্ত নিঠৰুৱা বিষাদ ।
দুৰু দুৰু কঁ‌পে মন
হিয়াৰ খৰোঙত উপজিছে
বেদনাৰ জীয়া অনুভৱ  
বিচাৰি পোৱা নাই ইয়াৰ কাৰণ !
তথাপি 
নিজম সন্ধ্যাৰ গীতৰ লহৰত
উঠিছে প্ৰেমৰ জোৱাৰ
নিচুকাব পৰা নাই সেই অনুৰাগ ।
চিনাকি চিনাকি এটি মন লৈ
আহিছোঁ অচিনাকি জনৰ কাষলৈ  ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)