তোমাৰ বাট চোৱা লৈ প্ৰতিটো আবেলি
নৈৰ ঢৌবোৰে মোৰ বুকুত আঘাত দিয়ে,
কুঁৱলীৰ আৱৰণত লুকাই থকা নদীয়ে
প্ৰতিক্ষাৰ হুমুনিয়াহ পাতি সোধে—
"তুমি এতিয়াও নাহিলা কিয়?"
নিৰৱ বতাহজাক বাট সাৰি আহে
তোমাৰ উপস্থিতিৰ সোঁৱৰণ লয়।
অভিমানী ঢৌবোৰ বেলি খহা চকুত
অৱশ্যে একেই কথা কৈ যায়
"তুমি আহা, তুমি আহিবই লাগিব।"
মই এই ঘাটৰ মাটিত
মোৰ জীয়াই থকাৰ বাবে
প্ৰতিটো আশাৰ বীজ সিঁচি থৈছোঁ,
য’ত প্ৰতিটো ঢৌৰ প্ৰতিৰোধত
মোৰ প্ৰেমৰ প্ৰতিশ্ৰুতিৰ পৰশ থাকে।
ও নাৱৰীয়া, তুমি বুজিছানে!!
তোমাৰ হাতৰ বৈঠাখনে
কিমান হেপাঁহ বোৱা ঢৌ লৈ আহে?
এজাক বতাহ আহে,
তেওঁৰ চাদৰৰ সুবাস লৈ
মোৰ বুকুলৈ সোমাই যায়,
আৰু তেতিয়া মোৰ হৃদয়ে কেঁৱেচা মাৰে
এই নীৰৱ নদীৰ কোলাত
বুজিবা,
এই মৰমৰ গভীৰতা ।
কেতিয়াও সোঁতৰ মাজত হাৰ নাখায়।
ও নাৱৰীয়া,
নাওখন মেলি দে
সোঁতৰ আঁচলে মোৰ প্ৰেমিকাক স্পৰ্শ কৰিবলৈ দিয়া,
তেওঁ আহক মোৰ বুকুৰ কাষলৈ,
য’ত সপোনবোৰে বাট চোৱাৰ ক্লান্তি মচি
মোৰ প্ৰেমৰ পূৰ্ণতা পাব।
ও নাৱৰীয়া,
নাওখন মেলি দে
মোৰ অপেক্ষা অন্ত পেলাই দে
সিপাৰৰ মোৰ প্ৰেয়সীক লৈ আহ
আবেলিৰ ৰেঙণি পৰিব ধৰিছে।

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ