ঐ মানৱী~শিল্পী দাস

Rinku Rajowar
0
ঐ মানৱী
লোভৰ কোপত নপৰিবি
সুখৰ বিলাসীতাৰ সন্ধানত
দুখৰ টোপোলা হৃদয়ত নাবান্ধিবি
কথাষাৰ মনত ৰাখিবি।

আনৰ সুখত ব্ৰতী হৈ
পাৰ কৰ জীৱন নৈ
অস্ত যোৱা দিৱসৰ অন্তত হ'লেও
এক সতেজ স্বাধীন জীৱন উপহাৰ পাবি।

অনুভূতিক যুক্তি-আদৰ্শৰে
বিবেচনা কৰ নিজ জ্ঞানেৰে 
কথাৰে নহয় কৰ্মৰে গঢ় 
তোৰ অস্তিত্বৰ পৰিচয়...
আত্মাৰ উপলব্ধি কিয় মানৱী 
হেৰাই গ'লে নিজকে প্ৰশ্ন কৰ?

কেঁচা ঘামৰ গন্ধত 
ছিঃ ছিঃ কৰাৰ অভাৱ নাই 
তথাপিও জীৱনযুঁজত নাযাবি হেৰাই,
শীত-তাপৰ অহংকাৰ ভাঙি
অতীত শুধৰাই 
নৱ সৃষ্টিৰ তাড়নাত
জীৱন সংগ্ৰামত যা আগুৱাই।

প্ৰগতিৰ জয়ধ্বনি 
তোৰ মাজতেই,
শান্তিৰ মহাৰণ 
তোৰ হাততেই 
তইয়েই নৱ যুগৰ অৱতাৰ।


 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)