তোমাৰ স্মৃতিপৰশত
বাগৰ সলাই ঋতু আহে ,ঋতু যায় ।
ফাগুনৰ পলাশী ,ৰঙা মদাৰৰ আকাশত ,আকাশীলতাৰ নীলা বৰণ ৰৈ যায় ।
অচিনা দেশৰ তোমাৰ ঠিকনা ,দেখিও নেদেখাৰ নিচিনা ,
তুমি জানোঁ চিৰপ্ৰণয় ?
তুমি জানোঁ
স্বপ্নবিভোৰ সময় ?
আতঁৰি আঁতৰি দূৰৰ পৰাই
সন্ধিয়াৰ জোনাক, জোনোৱালী নিশা
ক'তোনো তুমি জীৱন তৃষ্ণা?
ইফালে -সিফালে প্ৰতিদিন
তোমাতে ,আৰাধনাৰ আৰতিত ,
থাপনাৰ ফুলপাহিৰ
অশ্ৰু নিগৰাই
হৃদয় উজাৰি দিয়া ।
•ৰঞ্জন প্ৰতীম নেওগ
(গোলাঘাট)

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ