এই, কোনোবা বিশেষ এজনৰ কথা বা বিশেষ কাৰোবাৰ হাঁহিটি চকুৰ আগত ভাঁহি উঠিলে আপোনৰ মুখত যে কিবা অজান হাঁহিৰ ফুল এপাহ ফুলি উঠে........
সেই অজান হাঁহিৰ ফুল পাহে হৈছে জীৱনৰ ফাগুনী পলাশৰ ৰঙা ৰং। বৰ সজতনে ৰাখিব ইয়াক।
সেউজীয়াক ভালপোৱা মানুহৰ চাগে ৰঙাও প্রিয় নহয়নে?
কিয়নো সেউজীয়াৰ মাজতেইতো ৰক্ত গোলাপ পাহে মিচিকিয়াই হাঁহে। গতিকে গোলাপৰ মিচিকিয়া হাঁহিটি চিৰদিনৰ বাবে বুকুৰ মাজত সামৰি থ'বলৈ আপুনি সেই সেউজীয়া খিনি হওঁক।

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ