Advantage Assam 2.0 আৰু অসমৰ অৰ্থনীতি••বন্তী দত্ত

©Admin
0
অসম ভাৰতৰ উত্তৰ-পূৱাঞ্চলৰ অৰ্থনৈতিক বিকাশৰ বাবে এক গুৰুত্বপূর্ণ ৰাজ্য। ৰাজ্যখন কৃষিজাত সম্পদ, খনিজ সম্পদ, পৰ্যটন আৰু ব্যৱসায়-বাণিজ্যত সমৃদ্ধ যদিও আধুনিক উদ্যোগৰ অভাৱ আছিল। এই সমস্যাৰ সমাধানৰ বাবে অসম চৰকাৰে "Advantage Assam" নামেৰে এখন আঁচনি আৰম্ভ কৰে, যাৰ দ্বিতীয় সংস্কৰণেই হৈছে "Advantage Assam 2.0"। এই সংস্কৰণৰ জৰিয়তে অসমৰ অৰ্থনৈতিক পৰিকাঠামো শক্তিশালী হোৱাৰ লগতে পৰিসৰ বৃদ্ধিৰ বাবে চিন্তা কৰা হৈছে।

 *Advantage Assam 2.0 ই অসমৰ অৰ্থনীতিত গুৰুতৰ প্ৰভাৱ পেলোৱা পৰিলক্ষিত হব -*

(ক) উদ্যোগৰ বিকাশ হব:-
Advantage Assam 2.0 ৰ লক্ষ্য হৈছে যে অসমত ব্যৱসায়-বাণিজ্যৰ পৰিবেশ সৃষ্টি কৰি দেশী-বিদেশী বিনিয়োগকাৰীক আকৰ্ষণ কৰা।
ক্ষুদ্ৰ উদ্যোগৰ প্ৰসাৰ ঘটাই স্থানীয় উদ্যোগীক সহায় কৰা।
বহুজাতিক কোম্পানীসমূহক অসমলৈ আহিবলৈ উৎসাহিত কৰা, যিয়ে কৰ্মসংস্থান বৃদ্ধি কৰিব আৰু বহুতো শিক্ষিত নিবনুৱাই কৰ্মসংস্থাপন পাব।

(খ) কৃষি আৰু খাদ্য প্ৰস্তুতকৰণৰ বিকাশ:-
কৃষি উৎপাদন বৃদ্ধি আৰু খাদ্য প্ৰস্তুতকৰণ লগত সংযোগ স্থাপন।
অসমৰ চাহ খেতি, কুটিৰ শিল্প আৰু অৰ্গেনিক ফাৰ্মিংৰ ক্ষেত্ৰত বৃহৎ বিনিয়োগৰ সম্ভাৱনা।
গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰি কৃষকৰ আয় বৃদ্ধিৰ লক্ষ্য।

(গ) পৰ্যটন উদ্যোগ আৰু ৰাজ্যৰ অৰ্থনৈতিক লাভ:-
অসমৰ প্ৰাকৃতিক সৌন্দৰ্য্য, বন্যপ্ৰাণী সংৰক্ষণ অঞ্চল, আৰু সাংস্কৃতিক পৰ্যটন কেন্দ্ৰসমূহ উন্নত কৰি অৰ্থনৈতিক বিকাশৰ বিষয়ে ভবা হৈছে।
ভ্ৰমণ উদ্যোগত বিনিয়োগ বৃদ্ধি কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যটক আকৰ্ষণ কৰা।
পৰ্যটনক্ষেত্ৰৰ বিকাশে আবাসন, পৰিবহন, আৰু স্থানীয় ব্যৱসায়ৰ বিকাশ ঘটাব।

(ঘ) পৰিকাঠামো আৰু যোগসূত্ৰ বৃদ্ধি:-
Advantage Assam 2.0 ত ৰেলপথ, ৰাষ্ট্ৰীয় ঘাইপথ, আৰু বিমানবন্দৰ উন্নয়নৰ ওপৰত গুৰুত্ব দিয়া হৈছে।
India-ASEAN Connectivity Corridor ৰ অন্তৰ্গত ম্যানমাৰৰ লগত পথ আৰু বাণিজ্যৰ সংযোগ উন্নত কৰি আন্তঃৰাষ্ট্ৰীয় বাণিজ্য বৃদ্ধিৰ লক্ষ্য। আভ্যন্তৰীণ জলপথ ব্যৱস্থা উন্নত কৰি কম খৰচী আৰু দ্ৰুত পৰিবহণ ব্যৱস্থা গঢ়ি তোলা।

(ঙ) তথ্য-প্ৰযুক্তি আৰু ডিজিটেল অৰ্থনীতি:-
Advantage Assam 2.0 ত গুৱাহাটী আৰু অন্যান্য ঠাইত নতুনকৈ কেইবাখনো IT Hub গঢ়ি তোলাৰ পৰিকল্পনা।
Start-up আৰু নতুন উদ্যোগীক সহায় কৰিবলৈ নীতি প্ৰস্তুত কৰা।
ডিজিটেল বেংকিং, ই-কমাৰ্চ, আৰু স্মাৰ্ট চিটিৰ পৰিকাঠামো উন্নয়নৰ যোগেদি অৰ্থনৈতিক দিশত আধুনিকীকৰণ অনাৰ প্ৰচেষ্টা।

(চ) শক্তি আৰু সেউজ অৰ্থনীতি:-
জলবিদ্যুৎ, সৌৰ শক্তি, আৰু বায়ু শক্তিত বিনিয়োগ কৰি বহনক্ষম বিকাশৰ লক্ষ্য।
Advantage Assam 2.0 ৰ জৰিয়তে পৰিৱেশ-সজাগ উদ্যোগ গঢ়ি তোলা।

অসমৰ অৰ্থনীতিত Advantage Assam 2.0 ৰ সম্ভাৱনা সমূহ হৈছে যে;
(ক) ৰাজ্যখনৰ GDP বৃদ্ধি
(খ) বৈদেশিক বিনিয়োগকাৰীৰ আকর্ষণ
(গ) কৰ্মসংস্থানেৰে নিবনুৱা সমস্যা সমাধান
(ঙ) স্থানীয় উদ্যোগীৰ বৃদ্ধি আৰু নতুন ব্যৱসায়ৰ সুযোগ সৃষ্টি
(চ) আন্তঃৰাষ্ট্ৰীয় বজাৰত অসমৰ স্থান শক্তিশালী কৰা

Advantage Assam 2.0 অসমৰ অৰ্থনৈতিক পৰিকাঠামো বিকাশত এক গুৰুত্বপূর্ণ পদক্ষেপ। যদিহে এই উদ্যোগ সঠিকভাৱে ৰূপায়ণ কৰা হয় তেন্তে অসমৰ কৃষি, উদ্যোগ, পৰ্যটন, তথ্য-প্ৰযুক্তি, আৰু আন্তঃৰাষ্ট্ৰীয় বাণিজ্যত বিশাল বিকাশ সাধন হ'ব। "Advantage Assam 2.0" অসমৰ উজ্জ্বল অৰ্থনৈতিক ভৱিষ্যৎ গঢ়াৰ দিশে আগবাঢ়ি আছে।

                       

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)