সমস্যাৰে ভাৰাক্ৰান্ত বিদ্যুৎ বিভাগ••পঙ্কজ ৰবিদাস  

©Admin
0
দেশৰ বিকাশৰ ঘোঁৰা চেকুৰিবলৈ অত্যাৱশ্যকীয় উপাদান হৈছে বিদ্যুৎ; এই বিদ্যুৎ উৎপাদনৰ পিছত সংবহন আৰু শেষত উপভোক্তাক বিতৰণ কৰা হয়। ১৯৫৮ চনৰ পহিলা জুনত প্ৰতিষ্ঠা লাভ কৰা "অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ" ২০০৩ চনৰ বিদ্যুৎ আইনৰ গইনাৰে তিনিটা সুকীয়া কোম্পানী হৈ ত্ৰি বিভক্ত হ'ল। শক্তি খণ্ডৰ কাৰ্যপ্ৰণালীৰ ওপৰত ভিত্তি কৰিয়েই হিন্দু ধৰ্মৰ চতুবৰ্ণৰ দৰে ত্ৰিবিভক্ত হোৱা কোম্পানী তিনিটা হ'ল "অসম শক্তি উৎপাদন নিগম লিমিটেড", "অসম বিদ্যুৎ সংবহন নিগম লিমিটেড" আৰু "অসম শক্তি বিতৰণ কোম্পানী লিমিটেড "। এই শক্তি বিতৰণ কোম্পানীৰ লগতহে জনসাধাৰণ বা উপভোক্তাৰ পোনপটীয়া সম্পৰ্ক আছে বাবে বিদ্যুৎ বিভাগ বুলিলে অসম বিদ্যুৎ বিতৰণ কোম্পানী অৰ্থাৎ Assam Power Distribution Company Limited ৰ বিষয়া-কৰ্মচাৰীকহে ৰাইজে জানে। বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈ এই কোম্পানীটোৱে অৰ্থাৎ APDCL এ ৰাইজলৈ সেৱা আগবঢ়াই ৰাজহ সংগ্ৰহ কৰি আহিছিল যদিও বিভাগটো লোকচানৰ সন্মুখীন হৈ আহিছিল। সেয়ে লোকচানত ডুবি থকা কোম্পানীৰ কৰ্মচাৰী হিচাপে কিছু ঠাইত বেংক কতৃপক্ষই ও বিদ্যুৎ বিভাগৰ কৰ্মচাৰীক ঋণ পাবৰ বাবে অনুপযুক্ত বুলি কোৱাৰ কথাও শুনা গৈছিল। কাৰণ অসমৰ কোনো স্থানত আজি কিছু বছৰৰ আগেয়ে আমাৰ বিদ্যুৎ বিভাগৰ কৰ্মচাৰীয়ে ভাৰতীয় ষ্টেট বেংকত ব্যক্তিগত ঋণৰ বাবে আবেদন কৰোঁতে বেংকৰ পৰা উত্তৰ আহিছিল, "You are not eligible for loan because you are a employee of a loss making company." অৱশ্যে অসমৰ আন ঠাইসমূহত এনে সমস্যাৰ উদ্ভৱ হোৱা নাই। স্মাৰ্ট মিটাৰ প্ৰয়োগৰ ফলত আৰু অন্যান্য কাৰণত বৰ্তমান বিদ্যুৎ বিভাগে লাভৰ মুখ দেখিছে বুলি কাকতে-পত্ৰে প্ৰকাশ পাইছে। সেয়ে বিধানসভাত মূখ্যমন্ত্ৰীয়ে অহা বিত্তীয় বৰ্ষৰ পৰা বিদ্যুৎ মাছুল প্ৰতি ইউনিটত এটকাকৈ হ্ৰাস কৰাৰ কথাও ঘোষণা কৰিছে। লোকচানত জৰ্জৰিত বিভাগটোৱে লাভৰ সোৱাদ পোৱা মাত্ৰকে বিগত বৰ্ষৰ ডিচেম্বৰত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত প্ৰাগজ্যোতিষ সাহিত্য উৎসৱত ভাৰতীয় তেল নিগম, ভাৰতীয় ষ্টেট বেংক, তেল আৰু প্ৰাকৃতিক গেছ নিগম, ষ্টাৰ চিমেণ্ট আদি লাভজনক কোম্পানী সমূহৰ লগত শাৰী মিলাই দাতা কৰ্ণৰ ভুমিকা গ্ৰহণ কৰি অনুষ্ঠানটোৰ পৃষ্ঠপোষকতা কৰা দেখা যায়। অথচ উৎপাদন আৰু সংবহন নিগমত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সকলে দুবছৰীয়া প্ৰবেচন সময়ৰ বকেয়া লাভ কৰিলে যদিও পুঁজিৰ অভাৱত অসম শক্তি বিতৰণ কোম্পানীৰ একে অৰ্হতাৰ কৰ্মচাৰীসকল একে সময়তে বঞ্চিত হৈ ৰ'ল। উল্লেখ নকৰিলেও হয় যে ২০০৫ বৰ্ষৰ পৰা নিযুক্তি লাভ কৰা একে অৰ্হতা আৰু একে পদৰ অসম শক্তি উৎপাদন নিগম লিমিটেড আৰু অসম বিদ্যুৎ সংবহন নিগম লিমিটেডে যদি যুক্তিসংগত কাৰণতে উক্ত বকেয়াসমূহ আদায় দিছে; তেনে অসম বিদ্যুৎ বিতৰণ কোম্পানীৰ একে কেতেগৰিৰ কৰ্মচাৰী সকলে উক্ত প্ৰাপ্য বকেয়াৰ পৰা বঞ্চিত হোৱাৰ কোনো নীতিগত কাৰণ থাকিব নোৱাৰে। কৰ্মচাৰীৰ অভাৱত আনকি তিনিচুকীয়া সংবহন নিগমত অতিৰিক্ত ভাত্তা দিয়াৰ আদেশ উলিয়াই আন কৰ্মচাৰীয়ে চুটি ললে কাম কৰোৱাৰ পিছত পুঁজিৰ অভাৱত প্ৰাপ্য আদায় দিয়া হোৱা নাই । আটাইতকৈ ডাঙৰ ট্ৰেজেদি অৰ্থাৎ আমাৰ বাবে চৰম দূৰ্ভাগ্যজনক কথা এয়েই যে অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ উত্তৰসূৰী এই তিনিওটা কোম্পানীৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সকলৰ বৰ্তমানলৈকে কোনো সেৱা বিধি নাই আৰু সেয়ে কাৰিকৰী কৰ্মচাৰী সকলৰ নিযুক্তি তথা পদোন্নতিত ব্যাপক বিসংগতি পৰিলক্ষিত হয়। উদাহৰণস্বৰূপে কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন বিভাগে দুবছৰীয়া উদ্যোগিক প্ৰশিক্ষণ প্ৰাপ্ত প্ৰশিক্ষাৰ্থী সকলক দ্বাদশ শ্ৰেণী উত্তীৰ্ণৰ সমপৰ্য্যায়ৰ বুলি ঘোষণা কৰিছে যদিও এই সকল লোকক বিদ্যুৎ পৰিষদৰ উত্তৰসূৰী এই কোম্পানী কেইটাত শিক্ষাগত অৰ্হতাহীন লোকৰ সৈতে চতুৰ্থ বৰ্গৰ পদতে নিযুক্তি দি আহিছে। তাৰোপৰি পদোন্নতিৰ ক্ষেত্ৰতো সংমণ্ডল বিশেষে হোৱা বাবে পিছত নিযুক্তি লাভ কৰা কৰ্মচাৰী সকলে আগত পদোন্নতি লাভ কৰাৰ দেধাৰ উদাহৰণ আছে। সেয়ে ২০০৯ চনত নিযুক্তি লাভ কৰা অৰ্হতা সম্পন্ন কৰ্মচাৰীজন ২য় গ্ৰেডত থাকিলেও ২০১১ চনত নিযুক্ত জনে ১ম গ্ৰেড লাভ কৰি জেষ্ঠতা লাভ কৰে। বৰ্তমান সময়ত তৃণমূল পৰ্য্যায়ত অৰ্থাৎ ৩য় আৰু ৪ৰ্থ বৰ্গৰ কৰ্মচাৰীৰ নাটনিয়ে এই কোম্পানী তিনিটাত এক নিমিলা অংক হৈ দেখা দিছে আৰু যাৰ ফলত অপ্ৰশিক্ষিত অস্থায়ী কৰ্মচাৰীয়ে দূৰ্ঘটনাত প্ৰাণ আহুতি দিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে। প্ৰয়োজনীয় কৰ্মচাৰীৰ অভাৱত স্থায়ী কৰ্মচাৰীৰ ওপৰতো প্ৰয়োজনাধিক কামৰ হেঁচাৰ উপৰিও অত্যন্ত মানসিক চাপ পৰা দেখা গৈছে। কৰ্মচাৰী সকলে বিপদে আপদে প্ৰয়োজনত পাবলগীয়া চুটি সমূহো লাইন আৰু নিয়ন্ত্ৰণ কক্ষ পৰিচালনা কৰিবলৈ প্ৰয়োজনীয় কৰ্মচাৰীৰ অভাৱত পাবলৈ সমস্যাৰ সৃষ্টি হৈছে। অসম বিদ্যুৎ সংবহন নিগমে বনোৱা সাংগঠনিক গাঠনিমতে ২২০ কিলোভল্ট অৰ্থাৎ ২,২০,০০০ ভল্ট নিয়ন্ত্ৰণ কক্ষৰ প্ৰতিটো ক্ষেপ (shift)ত এজনকৈ সহকাৰী প্ৰবন্ধক অৰ্থাৎ সহকাৰী অভিযন্তাৰ লগত এজন প্ৰথম বা দ্বিতীয় বৰ্গৰ অপাৰেটৰ আৰু ১৩২কিলোভল্টৰ নিয়ন্ত্ৰণ কক্ষত এজন অপাৰেটৰৰ সৈতে এজন কণিষ্ঠ প্ৰবন্ধক অৰ্থাৎ কণিষ্ঠ অভিযন্তা থকাটো প্ৰয়োজন। কিন্তু কৰ্মচাৰীৰ অভাৱত প্ৰতিটো ক্ষেপত অপাৰেটৰ নিযুক্ত হোৱা নাই আৰু তাৰ পৰিৱৰ্তে সহায়ক বা বহি উৎসৰ কৰ্মচাৰীৰ দ্বাৰা জোৰা তাপলিৰে নিয়ন্ত্ৰণ কক্ষ সমূহ চলি আছে। তাৰোপৰি ২২০ কিলোভল্ট তিনিচুকীয়া গ্ৰীড উপকেন্দ্ৰৰ দৰে নিয়ন্ত্ৰণ কক্ষত ৩৩ কিলোভল্টৰ ১৩টা, ১৩২কিলোভল্টৰ ৪টা আৰু ২২০ কিলোভল্টৰ ৬ টা ফীডাৰ অৰ্থাৎ সৰ্বমুঠ ২৩টা ফীডাৰ এজন মাত্ৰ অপাৰেটৰ দ্বাৰা নানান সমস্যাৰ মাজেৰে চলাই থাকিব লগা হৈছে। তাতে কম মানুহেৰে গ্ৰীডৰ নিয়ন্ত্ৰণ কক্ষ সমূহ চলাবলৈ কম্পিউটেৰাইজ কৰি ৬৬কিলোভল্ট বা ৩৩ কিলোভল্ট নিয়ন্ত্ৰণ কক্ষৰ সৈতে ১৩২কিলোভল্ট আৰু ২২০কিলোভল্ট নিয়ন্ত্ৰণ কক্ষ সমূহ একত্ৰিকৰণ কৰা হ'ল যদিও মাজে-সময়ে কিছু ফিডাৰ কম্পিউটাৰ যোগেদি নিয়ন্ত্ৰণ নোহোৱাত মেনুৱেলি কৰিব লগা হয়। ৩৩ কিলোভল্ট, ১৩২কিলোভল্ট আৰু ২২০ কিলোভল্টৰ সৰহসংখ্যক ফিডাৰৰ ব্ৰেকাৰত মটৰ লাগি থকাত কাগজে কলমে ৰিম'ট নিয়ন্ত্ৰণ বুলি দেখুওৱা হৈছে যদিও প্ৰথমৰ পৰাই আইচ'লেটৰ, আৰ্থ আদি মেনুৱেলিয়েই কৰিব লগা হয়। তাতে কিছু ব্ৰেকাৰৰ স্প্ৰীং চাৰ্জ ও মেনুৱেলি কৰিব লগা হোৱাত মানুহ কমোৱা হ'ল যদিও কাম বিশেষ নকমিল। প্ৰতি ঘন্টাত ডাটা সমূহো মেনুৱেলিয়েই ল'ব লগা হয়। কিছু ফিডাৰৰ ডাটা সমূহো কম্পিউটাৰত সংৰক্ষিত হৈ নথকাত সময়মতে নললে অসুবিধা হয়। তিনিচুকীয়া গ্ৰীডটো এই সমস্যাসমূহ পৰিলক্ষিত হৈছে। তাতে নতুনকৈ বহোৱা ২২০ কিলোভল্ট তিনিচুকীয়া বিহিয়াটিং লাইনটোৱে আৰম্ভণি কালৰ পৰাই বৰ বিহু দেখোৱাই আহিছে। পাৱাৰ গ্ৰীডৰ তত্বাৱধানত বনোৱা লাইন দুটা বেছিভাগ সময়েই আৰম্ভণিৰপৰাই সুচাৰুৰূপে চলি থকা নাই অৰ্থাৎ ফল্টি হৈ থাকে। তিনিচুকীয়া স্থিত বিহিয়াটিংৰ কিয়স্কত (Kiosk) আৰম্ভণিৰ পৰাই বিকল শীত-তাপ নিয়ন্ত্ৰিত যন্ত্ৰ লগোৱা আছে যদিও বিভাগ নিমাত হৈ আছে। কম্পিউটাৰত বিহিয়াটিংৰ ডাটা সমূহো আজিলৈকে অহা নাই বাবে কম্পিউটাৰ চাই কিমান ল'ড লৈছে জানিব পৰা নাযায়। আনকি কেতিয়াবা কমিউনিকেশ্বন ব্যৰ্থ হৈ থাকে বাবে লাইন চলি আছেনে নাই, সেয়াও জানিবলৈ অসুবিধা হয়। সেয়ে ঘন্টাইপ্ৰতি ডাটাসমূহ বিহিয়াটিংৰ নিয়ন্ত্ৰণ কক্ষত ফোন কৰিয়েই ল'ব লগা হয়। 
          উল্লেখযোগ্য যে বৰ্তমান চৰকাৰে ৰাজ্যিক কৰ্মচাৰীৰ বাবে কোটি টকাৰ দূৰ্ঘটনা বীমা, গ্ৰন্থ কিনিবৰ বাবে বিশেষ ভাত্তা, আপোন ঘৰ, আপোন বাহন, স্বাস্থ্য বীমা আদি কাৰ্য্যকৰী কৰিছে যদিও শক্তি খণ্ডৰ এই তিনিওটা কোম্পানীৰ কৰ্মচাৰী সকল এই সুবিধা সমূহৰ পৰা বঞ্চিত হৈছে। গতিকে ক'ব পাৰি যে অসম চৰকাৰৰ দৃষ্টিত বিদ্যুৎ পৰিষদৰ উত্তৰসূৰী এই কোম্পানী তিনিটাৰ কৰ্মচাৰী সকল হৈছে মাহীমাকৰ সন্তান সদৃশ। গতিকে দেখা যায় যে ২৪ঘন্টাই বিপদসংকুল আৰু জৰুৰীকালীন কামত নিয়োজিত হৈ ৰাজ্য পোহৰাই ৰখাৰ চেষ্টাত ব্ৰতী হোৱা এই কৰ্মচাৰী সকলৰ আশা আকাংক্ষা সমূহ অন্ধকাৰতে স্তিমিত হৈ ৰৈছে। আশাকৰোঁ বিদ্যুতেৰে ৰাজ্য আলোকিত কৰি ৰখাৰ সপোন দেখা আৰু সংকল্প লোৱা মূখ্য মন্ত্ৰী, শক্তি মন্ত্ৰীকে প্ৰমুখ্যে কৰি বিভাগৰ উৰ্দ্ধতম কতৃপক্ষই বিদ্যুৎ কৰ্মী সকলৰ সমস্যা সমূহ আন্তৰিকতাৰে সমাধান কৰি তেওঁ লোকৰ মন-প্ৰাণো আলোকিত কৰিবলৈ প্ৰয়াস কৰিব।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)