প্ৰতিগৰাকী পিতৃ-মাতৃয়ে অভিলাষ কৰে যে তেওঁলোকৰ সন্তানে উপযুক্ত শিক্ষাৰে শিক্ষিত হৈ নিজক সমাজত প্ৰতিষ্ঠিত কৰক। সমাজত নিজৰ অৱদানেৰে সন্তানে যাতে দহোজনৰ উপকাৰ সাধিব পাৰে তাৰবাবে প্ৰতিগৰাকী পিতৃ মাতৃয়ে কামনা কৰে। কিন্তু তেওঁলোকে স্বীকাৰ কৰা ত্যাগক অৱমাননা কৰি কিছুমান ল'ৰা ছোৱালীয়ে নিজৰ কু- কৰ্মৰ যোগেদি নিজৰ জীৱন বিপৰ্যস্ত কৰাৰ লগতে পিতৃ মাতৃৰ আশাতো চেঁচাপানী ধালে। তাৰে এটা ঘটনাৰ আলমত কথাৰূপ দি প্ৰিয় পাঠকলৈ ভাৱ প্ৰকাশ কৰিলো।
বিনোদ, প্ৰমোদ আৰু ৰাজু তিনিজন নলে-গলে লগা বন্ধু। সৰুৰে পৰা প্ৰাক- প্ৰাথমিক শ্ৰেণীৰ পৰা একেলগে পঢ়া শুনা কৰিছিল। পঢ়া শুনাত প্ৰখৰ বুদ্ধিমত্তাৰ পৰিচয় দিয়াৰ বাবে সিহঁত শিক্ষকৰ অতি প্ৰিয় আছিল। নিজৰ প্ৰখৰ মেধাৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ সিহঁতে উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ মন মেলিলে। পিতৃ মাতৃয়ে সন্তানকেইজন যাতে চকুৰ আতৰত থাকিব লগা নহওক তাৰ বাবে নিজৰ অঞ্চলৰে এখন শিক্ষানুষ্ঠানত নামভৰ্ত্তি কৰোৱাব বিচাৰিছিল। কিন্তু সিহঁতে বাহিৰৰ ৰাজ্যৰ শিক্ষানুষ্ঠানত শিক্ষা গ্ৰহণ কৰিবলৈ নেৰানেপেৰাকৈ বিচাৰি থকাত পিতৃ মাতৃয়ে কেৰেলাৰ এখন চিকিৎসা মহাবিদ্যালয়ত সিহঁতক নামভৰ্ত্তি কৰোৱাই দিলে।
যথাসময়ত তিনিজন বন্ধু একেলগে শিক্ষা গ্ৰহণৰ হেতু কেৰালালৈ যাত্ৰা আৰম্ভ কৰিলে। গন্তব্যস্থানত সিহঁত উপস্থিত হল। নতুন ঠাই, নতুন পৰিৱেশে সিহঁতক বাৰুকৈয়ে আকৃষ্ট কৰিলে। শিক্ষানুষ্ঠানত উপস্থিত হৈ আনুষ্ঠানিক নীতি নিয়মৰ গণ্ডীৰ ভিতৰত শিক্ষা গ্ৰহণ কৰিবলৈও সিহঁত আগ্ৰহী হৈ উঠিল।
শ্ৰেণীত প্ৰথম দিনাখন উপস্থিত হৈ সিহঁতৰ বহুতো বন্ধু বৰ্গৰ সৈতে চিনাকী হৈ উঠিল। শ্ৰেণীকক্ষত অধিক মনোযোগেৰে সিহঁতে পাঠ গ্ৰহণ কৰিব ধৰিলে। নিজৰ একাগ্ৰতা, অধ্যৱসায় আৰু পৰিশ্ৰমৰ যোগেদি সিহঁতে প্ৰথম বৰ্ষৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হল। মাক দেউতাকে খবৰ পাই আনন্দিত হোৱাৰ লগতে আগন্তুক দিনৰ পৰীক্ষাৰ বাবে ভালদৰে পঢ়িবলৈ উৎসাহিত কৰিলে।
লাহে লাহে বিনোদ, প্ৰমোদ আৰু ৰাজু দিশভ্ৰষ্ট হব ধৰিলে। মানসিক দৃঢ়তাৰ অভাৱত সিহঁত বিপথে যাব ধৰিলে। সিহঁত মাক দেউতাকৰ অবাধ্য হৈ পৰিল। পঢ়া শুনাৰ পৰা পাল মাৰিব ধৰিলে। অনৰ্গল কিছুমান কথা কামত আগভাগ লৈছিল। সিহঁতে দিনত বাইকত ছোৱালীক উঠাই অলৈ তলৈ ঘূৰি ফুৰিছিল। হোষ্টেল, ৰেষ্টোৰা আদিত সোমাই পাৰ্টি কৰিছিল। মাক দেউতাকে হোষ্টেলৰ খৰচ পাতিৰ বাবে পঠিওৱা ধনসমূহ যধে-মধে খৰচ কৰি সিহঁতে আৰ্থিক অনাটনৰ সন্মুখীন হৈছিল। তিনিও বন্ধু বেয়া বন্ধুৰ সঙ্গত পৰি নিচা জাতীয় দ্ৰৱ্যৰ প্ৰতিও আসক্ত হৈ পৰিছিল।শিক্ষানুষ্ঠানৰ বাহিৰৰ ধাবা এখনত সিহঁত নিচা জাতীয় দ্ৰৱ্য সেৱন কৰি হোষ্টেলত প্ৰৱেশ কৰিছিল। মহাবিদ্যালয় কৰ্ত্তৃপক্ষৰ হাতত ধৰা পৰিব বুলি হোষ্টেল নিৰাপত্তাৰক্ষী হাতত টকা গুজি দি কথাখিনি গোপন কৰি ৰাখিছিল। এনেদৰে ক্ৰমাৎ সিহঁতৰ চাৰিত্ৰিক লক্ষণৰ দিনক দিনে স্খলন ঘটিব ধৰিলে।
বিনোদ, প্ৰমোদ আৰু ৰাজুৰ অপকৰ্মসমূহ এদিন হঠাতে এগৰাকী শিক্ষকে সিহতৰ সন্মুখতে প্ৰত্যক্ষ কৰিছিল। সিহঁতৰ বিষয়ে জানিব পৰা বুলি গম পাই ভয়ত মুখ বিৱৰ্ণ হৈ পৰিছিল। সিহঁতৰ পিতৃ মাতৃক শিক্ষকজনে ভালদৰে চিনি পায়। তেওঁ ক্ষণমাত্ৰো নৰৈ পোনচাটেই তিনি বন্ধুৰ অপকৰ্মসমূহৰ কথা ফোনযোগে পিতৃ মাতৃক অৱগত কৰালে। পিতৃ মাতৃয়ে সিহঁতৰ কৰ্ম কাণ্ডসমূহৰ বাবে দুঃখ প্ৰকাশ কৰি সিহঁতক নিজ গৃহলৈ উভতাই অনাৰ ব্যৱস্থা কৰিব বুলি পুত্ৰক জনালে। তিনি বন্ধুৱে মাক দেউতাকৰপৰা এনে কৰ্ম দুনাই নকৰে বুলি ক্ষমা মাৰ্জনা বিচাৰিলে। পুত্ৰৰ নিৰন্তৰ কাকুতি মিনতিত মাক দেউতাকে সিহঁতক এনে কৰ্ম পিছলৈ যাতে নকৰে বুলি কৈ আনুষ্ঠানিক শিক্ষা সুকলমে সমাপ্ত কৰিব কলে।
মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনৰ সময় সমাগত হৈছিল। তিনিও বন্ধুৱে পূৰ্বৰপৰা নিৰ্বাচনত আগভাগ লোৱাৰ পৰিকল্পনা কৰিছিল। নিৰ্বাচনৰ সময়ত মহাবিদ্যালয়ৰ পৰিৱেশত এক উখল মাখল অৱস্থাৰ সৃষ্টি হৈছিল। বিভিন্ন ছাত্ৰই মহাবিদ্যালয়ৰ পৰিচালনাৰ দায়িত্ব লবৰ বাবে সাধাৰণ নিৰ্বাচনৰ বিভিন্ন পদৰ বাবে প্ৰাৰ্থিত্ব আগবঢ়ালে। তিনিও বন্ধুৱেও ক্ৰমে সভাপতি, সাধাৰণ সম্পাদক আৰু সাংস্কৃতিক সম্পাদক পদৰ প্ৰাৰ্থিত্ব আগবঢ়ালে। মাক দেউতাকে সিহঁতক ছাত্ৰ ৰাজনীতিৰ চিন্তা এৰি অধ্যয়নত একাণপটীয়াকৈ মন দিবলৈ কৈছিল। কিন্তু নিজৰ আকোঁৰগোজ স্বভাৱৰ বাবে সিহঁতে মাক দেউতাকৰ কথাক অৱমাননা কৰিছিল।
নিৰ্বাচন খেলাৰ দিনটো আহিল। প্ৰাৰ্থিক ভোট দিবৰ বাবে নিৰ্দিষ্ট দিনটোত ছাত্ৰ ছাত্ৰীৰ লাইন লাগিব ধৰিলে। এজন এজনকৈ বিভিন্ন পদৰ প্ৰাৰ্থিক ভোট দিব ধৰিলে। ৰাজু, বিনোদ আৰু প্ৰমোদে বিশ্বাস কৰিছিল যে সিহঁতে আকাংক্ষিত বিজয় সাব্যস্ত কৰিবয়। নিৰ্বাচনী পৰ্ব সমাপ্ত হল। ফলাফললৈ সিহঁতে অপেক্ষা কৰিব ধৰিলে। দুদিনৰ পিছতেই ফলাফল ঘোষিত হল। সিহঁত পৰাজয় বৰণ কৰিব লগা হল। সেই চিন্তাকে চাপ হিচাপে সিহঁতে মূৰত পাগুলি থাকিব ধৰিলে।
তিনিও বন্ধুৱে ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত জিকিব নোৱাৰিল বুলি মহাবিদ্যালয়ৰ বাহিৰত অলৈ তলৈ ঘুৰি ফুৰিবলৈ ধৰিলে।নিৰ্বাচনখনত জিকিব নোৱাৰিল বুলি সিহঁতৰ যে অন্যান্য কামো আছে সেই কথা সমূলি পাহৰি গৈছিল। চিন্তা কিছু পৰিমাণে পাতল হব বুলি সিহঁতে চাৰিচকীয়া বাহন এখনত উঠি তীব্ৰবেগত চলাব ধৰিলে। গাড়ীৰ গতিবেগ তীব্ৰ মাত্ৰাত থকাৰ বাবে সিহঁতে নিয়ন্ত্ৰণ হেৰুৱালে। গাড়ীখনৰ গতি বিজুতি ঘটাত বাটৰ কিনাৰৰ এটা খালত তিনিও সোমাই পৰিল।
কিছু সময়ৰ পিছতেই সেই অঞ্চলৰ স্থানীয় লোকৰ হতুৱাই গাড়ীখন উদ্ধাৰ কৰা হল। ঘটনা সম্পৰ্কে পুলিচে সম্ভেদ পোৱাত তাত উপস্থিত হল। মাক দেউতাকে তেনে এক আকস্মিক ঘটনাৰ খবৰ পাই দুখত ম্ৰিয়মান হৈ পৰিল। তিনিজন ল'ৰাক মৰনোত্তৰ স্বাস্থ্য পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হল। মাক দেউতাকে অতদিনে পুত্ৰৰ প্ৰতি থকা আশা, সপোন ক্ষণমূহুৰ্ততেই জলাঞ্জলী দিব লগা হল। পিতৃ মাতৃৰ কথা নুশুনি অবাধ্য হোৱাৰ পৰিণতিত তিনিও বন্ধুৱে মৃত্যুক সাবটি ললে।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ