ঠন ধৰি উঠা হে তুমি
অৱসাদ গ্ৰস্ত শৰীৰক ঠেলি…।
মূৰ দাঙি উঠা হে তুমি
পৰাধীনতাৰ ,
মৌনতাৰ হাজাৰ প্ৰাচীৰ ভাঙি।
শক্তি শালী হোৱাহে তুমি।
দুৰ্বল ভাৱনা ঠেলি।
ধীৰ মতি আনাহে তুমি
চঞ্চলা -চপলা ভাৱাবেগ সামৰি।
ঘৰবোৰ বান্ধাহে তুমি
সকলো সংকীৰ্ণতা নেওচি।
বিবেকক দিয়াহে প্ৰধান্য
সকলো লালসা ত্যাগী।ধৈয্য,সহ্য,
মমতা,কৰুণা
লোৱাহে বুকুত সাবটি
ঐতিহ্য ,পৰম্পৰা সোঁৱৰি।
স্বাধীন মানে নহয় উশৃংখল,
আধুনিক মানে নহয়
প্ৰদৰ্শন।
সাময়িক সুখত
জীৱন অথন্তৰ!!
হে ভগ্নী,মাতৃ, পত্নী,কন্যা
তোমাতে সকলো ভৰষা
ঘৰ-সংসাৰ,সমাজ ,জাতিৰ
তুমিয়েই প্ৰণেতা
তোমাৰ বিনে সকলো আধৰুৱা।
নহয় তুমি অৱলা
নহয় তুমি দুৰ্বলা
দেহে -মনে তুমি
মহা শক্তিৰে গৰিমা।
জগাই তোলা প্ৰাণ
অটুত ৰাখা মান
নিজৰ মানেৰেই পৰিপূৰ্ণ
আমাৰ স্বাভিমান।
লক্ষ্মী তুমি অধিষ্ঠাত্ৰী,
জ্ঞানত তুমি বীণাপাণি,
শক্তিত তুমি দুৰ্গতি নাশিনী।
চলনাত তুমি মোহিনী,
কামনাত তুমি ৰতি।
ত্যাগত তুমি ৰাধা,
স্বাভিমানত তুমি সীতা।
তথাপি ,তথাপিও তুমি দেখোন
লাঞ্ছনাৰ আজিও
মৌমিতা!!
ৰাজকীয় বেষ্টনীৰ মাজতেই
বিবস্ত্ৰা দ্ৰৌপদীৰ
মৰ্যাদাৰ বিলাপ!
নিজান বাটত নো কি?
অপশক্তিৰ নিৰ্লজ্জ দৌৰাত্ম্যৰ প্ৰতাপ !!
হলেও ভয় কিহৰ?
মা-কাখ্যাতেই দেখোন
অসুৰ নিধন!
সেয়েহে,
জাগাহে জননী জাগা ,
উঠাহে জননী উঠা।
গঢ়াহে জননী গঢ়া
নিজেই নিজক গঢ়া,
আটি আটি ঘৰ বান্ধা,
দেশ আৰু জাতি গঢ়া
জনমৰ পৰা প্ৰজন্মলৈ
কলুষতা আঁতৰাই
মানৱ প্ৰেম বোৱাই নিয়া।
মানৱ প্ৰেম বোৱাই নিয়া।।
✍️ শুৱলা দাস

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ