ভয় -জ্যোতিকা গোস্বামী

©Admin
0
বেলি মাৰ গ'ল। ৰ' লাগি মালতীয়ে বাটৰ ফালে চাই আছে । পুহেশ্বৰ আহিব বুলি । দুপৰীয়া বৌটিহঁতৰ ঘৰত  ভৰিৰে ধান পাঁচ টিং মাৰি,যিকেইটা টকা পালে, ঘৰৰ বজাৰ কৰিবলৈ লিষ্টখন বনাই টকা কেইটা পুহেশ্বৰৰ হাতত তুলি দিলে।
 দহটকাৰ নহৰু
 পঁচিছ টকাৰ মিঠাতেল
 লোণ এপেকেট
 ডাইল বিছ টকা 
 বাকী  থকা টকাৰে মৌ লৈ এখন চিলত 
 আৰু এডাল মাটিৰ পেঞ্চিল।
 "হেৰি !!পাৰিলে অকণমান সোনকালে আহিব। লগতে আপোনাৰ হাজিৰা টকাৰে ম'ম দুদাল লৈ আহিব।আজি ভাত কেইটা সোনকালে সিজাই মৌক অ, আ,ক,খ শিকাম ।"
       এতিয়াও চায়েই আছে তাই বাটলৈ
  চিন্তা তাই পুহেশ্বৰলৈ কৰা নাই,নাই কৰা তেল নিমখলৈ ।মালতীৰ এটাই চিন্তা গেলা এসোপা খাই যদি 
পুহেশ্বৰে ছোৱালীজনীৰ চিলেত খন নানে?
বুকুত সেইয়াই  ভয় মালতিৰ ।আখৰ পঢ়ি ডাঙৰ মানুহ হওক তাইৰ জীয়েক।অন্ততঃ পঢ়িলে তাইৰ দৰে প্ৰতি দিনৰ হাজিৰা টকাৰে প্ৰতি দিনৰ পেটৰ ভোক আঁতৰাব নালাগে।
                          
           ✍️জ্যোতিকা গোস্বামী বৰগোহাঁই

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)