নিৰিহৰ ওপৰত চলে
যদি নিৰ্মম অত্যাচাৰ
দোষীৰ ওপৰত নাথাকে
যদি উচিত বিচাৰ,
কি হ'ব বাৰু আজি
সাধাৰণ জনতাৰ ?
অৰ্থৰ বলত যদি
সত্যবোৰ ঢাক খাই যায়
অসত্যবোৰে চৌদিশে
আহি থাকে দপদপাই ,
কি হ'ব বাৰু তেনেহলে
সাধাৰণ জনতাৰ বিলাই ?
দিনে দিনে সময়ৰ গতিবোৰো
হৈ গৈছে কুটিল
সাধাৰণ জনতাৰ
বাবে আজি
যেন জীয়াই থকাটোয়েই
হৈছে জটিল ,
তাকেই ভাৱি থাকোতে
বহুতৰে আজি দেখোন
টোপনিয়েই হৰিল ।
✍️ অনিমেষ বৰুৱাব

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ