ফুট পথৰ ছোৱালী তাই
নহয় ভিক্ষাৰী ,
ফুট পথৰ নৰ্তকী তাই
সকলোৰে অভিসাৰিণী ৷
মাতৃহীনা হৈ পিতৃৰ সতে থাকে উমলি ,
অন্ধ পিতৃৰ মনত তাই যেন
জোন -বেলি , তৰালি ,
ষোড়শী গাভৰু তাই আত্মবিশ্বাসী
পোহৰৰ বেলিকাত আৰম্ভ হয়
এন্ধাৰ হলে আজৰি লয় ,
গীতৰ তালত তাইৰ
দুভৰিত নূপুৰ বাজে জুন-জুন ৷
সহস্ৰ জনে বেঢ়িধৰে ,
আশাৰ থালত এটকা-দুটকা পৰে
আঙুলি মুৰত হিচাপ কৰি
দুখাজ যোগাৰ কৰে ৷
নৰিয়াত পৰি এদিন পিতৃও
হয় নিধন ,
শেতা জোনাকৰ জোনটিও
ডাৱৰত তেনেই ভুমূকি মাৰে ৷
জোনাক বিহীন জীৱনত
সৰে মাথো সৰে তপ্ত চকুলো ৷
✍️ৰজনী কুমাৰ ডেকা

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ