সন্মানৰ নিলাম প্ৰেমৰ মূল্য - চিন্ময় অনুৰাগ

©Admin
0
সন্মানবোৰত আজি ধনৰ দাস
সঁচা মৰমবোৰো হ'ল উপহাস,
সুবিধাবাদীৰ হাতৰ মুঠিত সন্মান
প্ৰেমো আজি বিক্ৰী হয় 
স্বাৰ্থপ্ৰৱণৰ বাসনাত।

সন্মানৰ পলাশৰ ৰঙেৰে
বিলাই ফুৰা মুখবোৰ,
হয়তো তেখেতেও জানে
যাক দিছে;
নাই তেওঁৰ সন্মান পোৱাৰ যোগ্যতা।

হেৰৌ,
নকৰিবা মৰমবোৰ বেচা-কিনা
নকৰিবা প্ৰেমৰ নামত সন্মানৰ বেহা,
সত্য আৰু সততাৰে আগবঢ়া
সকলোৱে কৰিব তোমাক প্ৰশংসা।
         ✍️চিন্ময় অনুৰাগ            

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)