ৰ'দ এচেৰেঙা সোমায় আহোত
মোক সুধা নাছিল
মই সাৰে আছোনে টোপনিত আছোঁ।
খিৰিকী খন খুলি দিওঁতে
সোমাই অহা বতাহ জাকেও মোক সুধা নাছিল
মই টোপনিৰ পৰা উঠিছোনে
উজাগৰে আছিলোঁ।
মোৰ ঘৰৰ ভিতৰলৈ
নিৰ্বিবাদে সোমায় অহা
ৰ'দ চেৰেঙা অথবা বতাহ জাকক
কেতিয়াও বাধা দিয়া নাই
পাৰিলে মনৰ দুৱাৰ খনো
খুলি দিছিলোঁ বহলকৈ।
মইতো ভবা নাছিলোঁ
ৰ'দ অথবা বতাহ জাক
সংস্কাৰ ভাঙি এদিন
বিলাসীতা হ'ব।
এতিয়া ৰ'দে পুৰে
বতাহে কোবাই।

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ