বৰ ভয় কৰোঁ
আচলতে এইবোৰ হৃদয় ভঙাৰ গান।
চেকুৰি যোৱা ঘোঁৰাৰ পিঠিত উঠি
গৈ থাকিও
হাহাকাৰ কৰি উঠে মন মোৰ
হৃদয় ভঙাৰ গান শুনি
চকুলো বোৰে নিৰৱে বিদীৰ্ণ কৰে
কলিজা খনক।
বগা তেজবোৰে এনেকৈ
নিগৰি পৰি চুচুৰ্ম কৰি দিলে
হৃদয় খনক।
বগা তেজৰ এখনি নদী
নিৰন্তৰ বৈ আছে
মোৰ হৃদয়ৰ মাজেৰে।

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ