জীৱন-জ্যোতিষ্ক বৰুৱা

©Admin
0
ঘৰৰ মুধচেৰে আকাশৰ তৰা গণা ক্ষণবোৰত
কঢ়িয়াই লৈ ফুৰা মনৰ অনুভৱবোৰৰ সতে... 
বুকুৰ ভৈয়ামৰ পৰা নিঃশ্বাসত সৰে... 
বহু দৈৰ্ঘ্যৰ দীঘল হুমুনিয়াহ..... ! 
অটল বিশ্বাসৰ পৰিণতিৰ শেষত ... 
স্মৃতিৰ সৌধত মাথোন ৰয়গৈ
পয়াঁলগা পিৰামিডৰ অবসাদ.... ! 
বিশ্বাস, সমন্ধবোৰৰ অন্তৰালত 
থাকে কেৱল বিনিময়ৰ আদান-প্ৰদানৰহে স্বাৰ্থ, 
ঘুণে ধৰা বৰ্তমানটোৰ ছাঁত... 
আজিৰ যুগত সকলোতে 
কেৱল মৌনতাকে অৱস্থান কৰি
মুক-বধিৰ ৰূপত স্থিতিৰ জড়তাৰ নিৰ্জীৱ.. 
নিৰ্বিকাৰ লক্ষণে ক্ষন গনা সময়বোৰকে... 
বাস্তৱতাৰ পৃথিৱী জ্ঞান কৰি... 
সন্তুষ্টিৰ প্ৰদৰ্শনৰ অভিনয়ত মানুহৰ জীৱন! 
সময়ৰ গতিশীলতাত লৌকিকতাৰ... 
অস্বাভাবিকতাক স্বাভাবিকতাৰ ৰূপ দি.. 
নিজক সজাৱলৈ অভিনয়েৰে.. 
মাথোন এটি জীৱন।।। 

 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)