বাউলী বতাহজাকৰ কাষত
আমন জিমনকৈ বহি থকা দেখা পাই ফাগুনে সুধিলে
তোমাৰ উদাস গহ্বৰত ৰঙ
অলপ সিঁচো আহা
তুমি বসন্ত হ'বা
ৰঙা নীলা সেউজীয়া আবিৰে
তোমাৰ বুকুত ঘৰ পাতিলে
তুমি হ'বা ৰামধেনু
তোমাৰ বাটৰ অহেতুক আন্ধাৰত
ডুবি কিয়নো বৃথা সময় কটোৱা
আহা তোমাৰ গালত
অকণমান ৰং সানো
তুমি মোৰ গালত
একাকাৰ হওঁ আহা
প্ৰাণভৰি ভালপোৱা উজাৰো
হাঁহিৰে ভৰাই তোলো তোমাৰপৰা মোলৈ দিগন্তলৈও
বুকুৰ উপত্যকাত বাহ লোৱা বিষাদবোৰ একাষৰীয়া কৰো
এই ছেগতে
ঈৰ্ষাৰ দাবানলত দগ্ধ হৃদয় থিতাতে নিঃশেষ হ'ব
তোমাৰ হাতত ধৰি মই আগুৱাও
তুমি মোৰ ছাঁত
কিমান ভাল লাগিব নহয়নে
জানানে কাৰনো মন নাযায়
ৰঙীন হৈ থাকিবলৈ কোৱাভাতুৰী
সোলোকাই।

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ