বহাগ তোমাক জনাইছোঁ আদৰণি।
লঠঙা গছৰ ডাল সেউজীয়া কৰি,
নৱতম সৃষ্টিৰে মেলিবা পাতনি ।
তোমাৰ আগমণিৰ বাতৰি পায় ,
নাহৰ তগৰ ফুলে হাঁহে মিচিকিয়াই
পাতৰ আঁৰত কুলিয়ে মাতিব সঘনাই,
ডালত কেতেকীয়েও থাকিব বিনাই ।
হেপাঁহৰ ৰঙালী হৈ অসমীয়াৰ মাজলৈ
আহিবা তুমি পুনৰাই
মনৰ উলাহতে নাচনীয়ে দুহাততে
জেতুকা পাতৰ ৰহণ বুলাই ।
তোমাৰ আগমনে বিহু বলিয়া মনে
নোৱাৰে যে ঘৰত থাকিব সোমাই ,
ডেকা বুঢ়া সৱে মিলি গামোচাৰে পাগ মাৰি
ওৰে ৰাতি ঘৰে ঘৰে হুঁচৰি গায় ।
ধূলিয়ৰি ফাগুনে আজি মাগিলোঁ বিদায় ,
শীতৰ শেষত পলাশ ৰঙীন হৈ
আকৌ মই আহিম দুনাই।

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ