বহাগৰ আগমনৰ লগে লগে প্ৰকৃতিয়ে ন ৰূপেৰে মনোমোহা হৈ উঠে। প্ৰকৃতিৰ এই সুন্দৰ পৰিৱৰ্তনত স্বাভাৱিকতেই মানু্হৰ মনলৈও আনন্দৰ জোৱাৰ নামি আহে। অসমৰ জনগনে ঢোল পেঁপা, বিহু নামৰ ধ্বনিৰে মুখৰিত কৰি তোলে বসন্তৰ প্ৰকৃতি । চ'ত আৰু বহাগ মাহৰ সংক্ৰান্তিৰ পৰা এই ৰঙালী বিহু আৰম্ভ হয়। এই বিহু শব্দৰ উৎপত্তি সম্পৰ্কেও বিভিন্ন ব্যাখ্যা আছে। সুমেৰু আৰু কুমেৰুৰ পৰা সম দূৰত্বত সোমাজেৰে টানি দিয়া কাল্পনিক ৰেখা ডাল হৈছে বিষুৱ ৰেখা। বহাগৰ সংক্ৰান্তিৰ দিনা এই বিষুৱ ৰেখাৰ ওপৰত সূৰ্যৰ ৰশ্মি লম্ব ভাৱে পৰে। সেই বাবেই ইয়াক মহা বিষুৱ সংক্ৰান্তি বুলি কয়। এই বিষুৱ শব্দৰ পৰা বিহু শব্দৰ সৃষ্টি হৈছে বুলি বহুতে ক'ব খোজে। বিষুৱ সংক্ৰান্তিৰ এইসময়চোৱাত অসমৰ প্ৰাকৃতিক ক্ষেত্ৰখনলৈও আমূল পৰিবৰ্তন নামি আহে । ন পানী পাই অসমৰ সাৰুৱা ভূমিত গছ গছনি তৰু তৃণবোৰ লহপহকৈ বাঢ়ি আহে। সেউজীয়া প্ৰকৃতিৰ সৈতে লালিত পালিত কৃষিজীৱী অসমৰ জনসাধৰণে প্ৰকৃতিৰ বিনন্দীয়া ৰূপত আপ্লুত হৈ নৃত্য গীত আদিৰে ৰঙালী বিহু উৎযাপন কৰে। বিহু কৃষি ভিত্তিক উৎসৱ। চ'তৰ সংক্ৰান্তিৰ পৰা আৰম্ভ হোৱা এই ৰঙালী বিহু সাত দিন ধৰি পালন কৰে। গৰু বিহু, মানু্হ বিহু, গোঁসাই বিহু, তাঁতৰ বিহু, নাঙল বিহু, জীয়াৰী বিহু , চেৰা বিহুকে ধৰি সাত বিহু সাত দিন ধৰি উলহ মালহেৰে পালন কৰে। এই বিহুৰ সৈতে অসমীয়াৰ বহু পৰম্পৰা লোকাচাৰ জড়িত হৈ আছে। তাৰ ভিতৰত সাতশাকী এক অন্যতম পৰম্পৰা। ঠাই বিশেষে ইয়াক সাতশাকী , শাকতোলা , সাথেক তোলা, সাত শাকেতি আদি নামেৰে জনাজাত। বহাগ মাহৰ প্ৰথম সপ্তাহৰ যি কোনো এটা দিনত , কোনোৱে তৃতীয় দিনা, কোনোৱে সপ্তম দিনা সাতশাকী বিহু পাতে। সাতশাকী নামটো সাতদিনীয়া বহাগৰ পৰম্পৰাৰ পৰা অহা যেন বোধ হয়। সাত দিনৰ যি কোনো এটা দিনত খোৱা হয় বাবে সাত দিনৰ শাক খোৱা পৰম্পৰাক "সাতশাকী " বুলি কয়। ৰাতিপুৱাই গাঁৱৰ জীয়ৰী বোৱাৰীসকলে পথাৰ বা নৈৰ দাঁতিলৈ গৈ বিভিন্ন শাক বন চালনিত তুলি আনে। তুলি অনা সেই শাকেৰে ব্যঞ্জন ৰান্ধি খায়। শাক তোলাৰ লগে লগে তেঁওলোকে আনন্দতে বিহু নাম জুৰে। বিহু নামৰ লগে লগে এপাক নাচেও।
বিহু গীতত আছে
সাতশাকী বিচাৰি আহ অ' লাহৰী
গুৰি পথাৰলৈ যাওঁ,
শাক তোলাৰ চলৰে গছৰে তলতে
হেঁপাহৰ বিহু নাম গাও।
অসম জৈৱ বৈচিত্ৰৰে ভৰপূৰ এখন ঠাই। অসমৰ পাহাৰ ভৈয়াম বিভিন্ন প্ৰজাতিৰ উদ্ভিদেৰে ভৰি আছে। বিভিন্ন ঔষধি গুণযুক্ত উদ্ভিদো অসমৰ মাটিত প্ৰচুৰ পৰিমাণে পোৱা যায়। সহজলভ্য এই ঔষধি গুণযুক্ত উদ্ভিদসমূহ সদায় অসমীয়া মানুহে বেমাৰ নিবাৰণ কৰাৰ প্ৰাথমিক চিকিৎসা হিচাপে ব্যৱহাৰ কৰি আহিছে। আমাৰ চাৰিওকাষৰ সহজলভ্য এই শাকপাতসমূহৰ স্বাস্থ্য সম্মত গুণ অধিক আৰু ৰুচিকাৰক বাবেই হয়তো শাক খোৱাৰ অভ্যাস এটা ক'ব নোৱাৰাকৈ অসমীয়া খাদ্যাভ্যাসত সোমাই পৰিছে। বিহুত সাতশাকী পৰম্পৰা এটা গঢ়ি উঠাৰ ইও এক প্ৰধান কাৰণ। তদুপৰি শাকৰ স্বাস্থ্য সন্মত গুণ বহুত। শাকত খনিজ লৱণ, প্ৰটিন, ভিটামিন, আহ জাতীয় উপাদান প্ৰচুৰ পৰিমাণে থাকে বাবেই ই স্বাস্থ্যৰ বাবে অতি উপকাৰী। অসমীয়া সমাজত বিশ্বাস আছে যে বছৰৰ প্ৰথম দিন কেইটাত শাকৰ ব্যঞ্জন খাই বছৰটোৰ বাবেই নিজক সুস্থ সবল আৰু নিৰোগী কৰি ৰাখিব পাৰি। সেয়ে কৈছে
শাকে শুকোতাই কৰে ভক্ষণ ,
সেই পুৰুষৰ ভাল লক্ষণ।
"সাত বিহুৰ সাত শুকতি দেহাত দেই বল" বুলি বিশ্বাস আছে বাবেই বহাগত এশ এবিধ শাক খোৱাৰ পৰম্পৰা আছে। এই এশ এবিধ শাকপাত হৈছে তিতা টেঙা কেহা গুণৰ সমাহাৰ । পৰ্য্যাপ্ত পৰিমানে পোৱা শাক পাত অসমীয়াৰ খাদ্য সম্ভাৰৰ ভিতৰত অন্যতম জুতি লগা ব্যঞ্জন। যদি এশ এবিধ শাক বিচাৰি নাপায় তেন্তে সাত বিধ শাক তুলি আনি ব্যঞ্জন ৰান্ধি খাব পাৰে। বহাগত শাক বনবোৰ গজি উঠাৰ বাবে ইয়াক সংগ্ৰহ কৰাটো সহজ লভ্য হৈ পৰে। সেয়ে হয়তো বহাগ বিহুত এই পৰম্পৰা পালন কৰা হয়। এই এশ এবিধ শাকে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াই তোলে। চোৰাতৰ কোমল পাত, বিহলঙনি, বিহ ঢেঁকীয়া, ভাং আদি বিষাক্ত শাকপাত সামান্য পৰিমাণে মিলাই খালেও যেন একো অনিষ্ট নহয়। কিয়নো বেছিভাগ শাকৰে ঔষধি গুণ প্ৰচুৰ থকা বাবে বিহকো হজম কৰাত সহায়ক হৈ পৰে।
এশ এবিধ শাকৰ ভিতৰত থকা কেইবিধমান শাকৰ হ'ল -
কচু, কলমৌ, কেৰেলাৰ পাত, কোমোৰাৰ পাত,কোৱা ভাতুৰী, কেহৰাজ, কাঁচিপকা, কুহিলা, কৰফুল, কলফুল , কুকুৰা ঠেঙীয়া, খেচাৰি মাহ, খুতুৰা, গৰুখিচ, গাখিৰতী , চিৰতা, জিলমিল , চুকা টেঙা, জালুক, জাৱেত্ৰি, জ্যেষ্ঠমধু, টিকনি বৰুৱা, তিয়হ, তুলসী, তিতা ফুল, তিল, টেঙা মৰা, টুপুৰি লতা, টেঙেচি, মহানিম, মছন্দৰী, মানধনীয়া, মধুসুলেং, মৰলীয়া( থোটনি), মানিমুনি , মেটেকা, মালভোগ বন, মেথি, মচুৰ ডালি , পদিনা, পিয়াজৰ পাত, পালেং, পিৰালী পালেং, পচলা, পচতীয়া, পীৰালী কুঁৱৰী, পুৰৈ, পানৌনৌৱা, পদুম, পানীলাওৰ আগ, ব্ৰাহ্মী, বিহলঙনি, বেতগাজ, বক ফুল, বৰ মানিমুনি, বৰ্হমথুৰি, বিশল্যকৰণী, বৰিয়াল, বেলপাত, ভেদাইলতা, ভাং, ভেকুৰি তিতা, ভেঁট, ভৃঙ্গৰাজ, ভাত কেৰেলাৰ কোমল আগ, ভকুৱা ভৰালী, নেফাফু, নহৰুৰ পাত, নৰসিংহ, জিলমিল, ধনীয়া, সৰিয়হ, শুকলতি, দোৰোন, লাই জাবৰি, লৰ বৰুৱা, টিকনি বৰুৱা, ৰঙা লাওৰ আগ, হেলচি, চালকুঁৱৰী, তিল, মৰিচা, দুপৰ টেঙা, থেৰেজু, জেতুলীপকা, নুনী, কেঞাবন, দুৰ্লভা, মৰাপাটৰ আগ, শেৱালি ফুলৰ পাত, সৰিয়হ, পদুম, বিয়নি সাৱটা, শেলুক, বগা বাহক , আমৰ মল, কঁঠালৰ মুচি , আনাৰসৰ কোমল পাত, ডালিম পাত, থেকেৰা ইত্যাদি।
লোক পৰম্পৰাবোৰ সন্মিলিত হৈয়ে লোক সংস্কৃতিৰ ৰূপ লৈছে। যি পৰম্পৰা, আচাৰ নীতি পালনৰ দ্বাৰা সমাজৰ প্ৰতিজন ব্যক্তিয়ে সুখ বা আনন্দ পাব পাৰে বা যিয়ে সমাজৰ প্ৰতিজন ব্যক্তিৰ শাৰীৰিক, মানসিক বৌদ্ধিক উৎকৰ্ষ সাধনত সহায়ক হ'ব পাৰে , তেনে পৰম্পৰা সমাজত সদায় পালিত হোৱা দেখা যায়। অসমীয়া সমাজত বহাগৰ সাত বিহুৰ লগত এই শাকতোলা বা সাতশাকী খোৱা পৰম্পৰা এটা আজিও বৰ্তি আছে।বহাগৰ সাতশাকী খোৱাও অসমীয়া সমাজৰ এটা জনপ্ৰিয় পৰম্পৰা কাৰণ ইয়াৰ দ্বাৰা শাক খোৱা অভ্যাস এটা গঢ়ি তোলা হয়। শাকতোলা বা সাতশাকীৰ দৰে বিভিন্ন পৰম্পৰা, আচাৰ নীতিৰ দ্বাৰা সমৃদ্ধ হৈ অসমীয়া জাতি চিৰদিন সকলোৰে মাজত জাকত জিলিকা হৈ থাকিব।
✍️মণিৰূপা মিশ্ৰ

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ