মোৰ এটি অনুভৱ••ৰেণু শৰ্মা

@admin
0
জীৱন মানেনো কি?বুজিছানে বাৰু?
বিধাতাৰ অকৃপণ দান এই মানৱী জীৱন।
এই জীৱন সময়ৰ সাগৰৰ এটি ক্ষুদ্ৰ কণা

জীৱনৰ অৰ্থ-- দাৰ্শনিকে ক'লে কৰ্ম ই জীৱন।
কৰ্ম হ'ল জীৱনৰ ধৰ্ম 
ধৰ্ম হ'ল মানৱৰ সত্যৰ সাৰথি

সত্য আৰু সুন্দৰৰ
প্ৰেম আৰু সততাৰ
সেন্দৰী বাটেদি
বাট বুলা যদি পাবা
সুন্দৰৰ আশীষ নিৰ্মালি।

তোমাৰ কৰ্মৰ ফলে
পৃথিৱী সুন্দৰ হ'ব
সময় বালিত থ'ব 
ৰেখা সেন্দুৰীয়া ।

অসত্যৰ নাম হ'ল
ঘোৰ অন্ধকাৰ 
নলবা সাৱটি হে'ৰা
ধুনীয়া পৃথিৱীখনি
কৰি চাৰখাৰ ।

জীৱন প্ৰেমৰ থলী
অসাৰ জীৱন বুলি 
নিদিয়া মৰহি যাব
প্ৰেম ফুলকলি 
প্ৰেমেই কৰিব পাৰে
জীৱন সুন্দৰ ময় 
প্ৰেমৰ সুৱদী মাত
কুলিৰ কাকলি।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)