প্ৰসিদ্ধ গ্ৰীক দাৰ্শনিক প্লেটোৱে কৈছিল " ভাবনাৰ গভীৰতাত লুকাই থাকে জীৱনৰ সমস্ত শিক্ষা।" সঁচাকৈয়ে আমাৰ প্ৰত্যেকৰে জীৱনৰ স'তে ভাবনাৰ এক গভীৰ সম্পৰ্ক আছে। কিছুমানৰ ক্ষেত্ৰত ভাব-প্ৰৱণ হৃদয়ে হয়তো তাক শব্দৰ ৰূপত প্ৰকাশ কৰে,আৰু আন কাৰোবাৰ ক্ষেত্ৰত সেয়া সম্ভৱ হৈ নুঠে। তথাপিও জীৱনৰ স'তে সাঙোৰ খাই থকা সকলোবোৰ অনুভূতি, সেয়া দুখেই হওঁক অথবা সুখেই হওঁক; প্ৰেমেই হওঁক অথবা ঘৃণাই হওঁক এই আটাইবোৰ কিন্তু হৃদয়ৰ স'তে নিবীড়ভাবে সাঙোৰ খাই থকা ভাবনাৰেই প্ৰকাশ। জীৱনৰ আত্মিক উপলব্ধিয়ে কেতিয়াবা কাৰোবাক কন্দুৱাইছে,আকৌ কাৰোবাক হহুৱাইছে। আকৌ আন কাৰোবাক হয়তো গভীৰ জীৱনবোধৰ কথা শিকাইছে। সঁচা অৰ্থত জীৱনৰ স'তে প্ৰগাঢ়তা থকা এই অনুভুতিবোৰক আমি যদি উচিত সময়ত উচিত দিশেৰে পৰিচালিত কৰিব পাৰোঁ, তেতিয়াই উন্মোচিত হয় জীৱনৰ সঁচা ৰূপ।

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ