দুবছৰেই হল
তোমাৰ সৈতে সাক্ষাৎ নোহোৱা,
হৃদয়ৰ জোপাল কোণত
আছুতীয়াকৈ সাঁচি ৰখা মৰম বোৰে
হাবাথুৰি খাই ফুৰিছে
তোমাৰ পৰশ পাবৰ বাবে।
জানা জোনাকী?
জীৱনটো সঁচাকৈয়ে বৰ বিচিত্র ময়,
প্ৰাপ্তি-অপ্ৰাপ্তি মাজেৰে
পাৰ হৈয়ে গৈ আছে জীৱনটো,
সপোন সপোন হৈয়ে ৰয়,
অভিমানৰ পথাৰ খনত
চকুলোৰে জীপাল কৰিব নিবিচাৰোঁ
তোমাক ওচৰত নোপোৱাৰ দুখত,
আজীৱন তোমাৰ প্রেমিক হৈ
থাকিব বিচাৰো তোমাৰ কাষত।
দিনটোৰ ব্যস্ততাৰ মাজতো
যেতিয়া তোমাৰ এষাৰি মাতত
অলপ জিৰাব বিচাৰি
নীৰৱে চকু দুটা মুদি পৰি ৰওঁ,
তেতিয়া এনে অনুভৱ হয় যেন
নোপোৱাৰ দুখতকৈ পায়ো
দূৰৈত থাকিব লগাৰ দুখ বৰ বিষাদময়।
প্ৰেম,ভালপোৱা কি নাজানো!
কিন্তু যেতিয়ালৈকে তুমি কাষত থাকিবা
তোমাক সান্নিধ্য পাই থাকিম,
হয়তো জীৱনত আন কাকোৱেই
ইমান গুৰুত্ব দিব নোৱাৰিম।
নাই,নালাগে মোক
জঙ্কি-পানৈ দৰে প্ৰেমৰ কাহিনী
মাথোঁ বিচাৰো অলপ
দিনটো ব্যস্ততাৰ অন্তত
ডিউটিৰ পৰা ৰুমলৈ আহি
জিৰাব বিচাৰো মাথোঁ
তোমাৰ কোমল এষাৰি মাতত
"ভালেই আছা নে সোণ তুমি"?
তোমাৰ আবেগ বোৰক
সদায় সেউজীয়া আবেগ কৰি ৰাখি
মৰম বোৰৰে জীপাল কৰিব বিচাৰো
অভিমানৰ উমাল পথাৰ খন।
তোমাৰ উমাল শূণ্য বুকুত
মোৰ কোমল হাতেৰে
অংকিত কৰিব বিচাৰো
এটি মৰমৰ আবেগ।

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ