মাঁগিলে বিদায়,
বসন্ত আহিছে বুলি
বাতৰি বিলাই ।
বৰষুণৰ টোপালে
আহি ধৰণী ধুৱাই ,
গছৰ ডাল শুৱনি কৰি
ন কুঁহিপাত ওলায় ।
নাহৰ তগৰ ফুলেও
দেখোঁ হাঁহে মিচিকিয়াই,
চৌদিশে আমোলমোল
সুগন্ধি বিয়পাই ।
পাতৰ আঁৰত কুলিটিয়ে
মাতে সঘনাই ।
ডালত পৰি কেতেকীয়েও
আছে যে বিনাই ।
শিপিনীক তাঁতৰ শালে
মাতে ৰিঙিয়াই,
হেপাঁহৰ ৰঙালী বোলে
আহিছে দুনাই ।
বিহুতি আহিছে বুলি
নাচনীৰ গাত তত নাই,
ঢুলীয়া ককাইয়েও
ঢোলত বৰতি লগাই ।
বুজিলোঁ বসন্ত আহি যে
নিচেই কাষ পায় ।
বিহুতিক আদৰিবৰ হ'ল
আকৌ অসমীয়াই ।

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ