কিন্তু মোৰ বাবে প্ৰতিটো দিন দেখোন একেই হৈ ৰয় সদায়। একেবোৰ মোৰ আৰু সদায় ভাল নলগা হৈছে,
একেই দিনবোৰ কিমান চাই থাকিম আমনি লাগি গৈছে
নতুনত্বক বিচাৰি বিচাৰি মই হাবাথুৰি খাই পৰিছো,
কিন্তু কিয় জানো নতুনত্বই মোক ধৰা দিবলৈ সংকোচ কৰিছে যেন পাইছো।
মই ভাবিবলৈ লৈছো নতুনত্বই মোক ভাল নাপায় চাগে,
মোৰ জীৱনত আহি কলূষিত হোৱাটো
সি বিচৰা নাই যেন লাগে।
তথাপিও আগ্ৰহেৰে বাট চাই আছো নতুনত্ব তোমাৰ আশাত,
ভৱিষ্যতেওঁ সদায় আগ্ৰহেৰে বাট চাই থাকিম
নতুনত্ব তোমাৰ নঙলাত।

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ