হৃদয়ৰ বিজ্ঞাপন•• মাৰ্জিনা বেগম

@admin
0
দিয়া চোন এখন বিজ্ঞাপন 
ৰিক্ত হৃদয়ৰ বন্ধ দুৱাৰৰ কাষত 
তোমাৰ বুকুত নামি অহা 
প্ৰেম ফাগুনৰ বিষয়ত
কিংবা শাওণৰ বৰ বাৰিষাৰ।
ধূসৰতাত জিলিকিব পৰাকৈ 
আখৰবোৰ তেজৰঙা কৈ লিখিবা 
ঠিকনাটোৰ কাষতে আঁৰি থবা 
এপাহ এজাৰৰ ফুল 
অথবা সানি দিবা সূৰ্যমুখী ৰং,
মনত ৰাখিবা এয়া বিৱৰ্ণ বতৰ 
নোহোৱা হ'ব পাৰে তোমাৰ বিজ্ঞাপন!
মিলে যদি ৰঙা খিনিত
বিন্দুত ইন্দুমতী হৈ 
জীৱন জুৰণিৰ পম খেদি 
আবেদন এখন কৰিম, 
 বেলিমাৰৰ হেঙুল ছাঁয়াত 
হ'বা তুমি বুকুৰ মদাৰ...
নতুবা হেজাৰ ধুমুহা নেওচি 
থিয় হৈ থকা প্ৰশান্তিৰ বৰগছ জোপা ।
সেয়ে,দিয়া যদি দিয়া এতিয়াই 
এখন হৃদয়ৰ বিজ্ঞাপন 
মৰ-আঁউসীৰ বুকুত জোনাক ঢালি 
লিপিবদ্ধ হ'লে সাধুকথা এটি 
তুমি জানো নহ'বা সাৰথি?
মেলি দিয়া বন্ধ দুৱাৰ
প্ৰেম হওক তোমাৰ, মোৰ আৰু আমাৰ...

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)