আবিৰৰ ৰং সানি দিয়া মোৰ গালে মুখে••নাছিৰ আহমেদ

Rinku Rajowar
0
হে মোৰ প্ৰাণ প্ৰিয়
আবিৰৰ ৰং সানি দিয়া মোৰ গালে মুখে।
মোৰতো একোয়ে নাই,
এখন মাথোঁ হিয়া ;
য'ত ভৰি আছে এবুকু ক্লেদাক্ত 
তেজেৰে তুমুৰলি হোৱা
মোৰ ভগা কলিজাত বিচ্ছেদৰ পোৰণি জাগে!
" I fall upon the thorns of life , I bleed !

হে ফাগুন, দুষ্ট ফাগুন !
তোৰ বা ৰিব্ ৰিব্ পছোৱা বতাহত
মোৰ বুকুত উথলি উঠিছে
এসাগৰ যৌৱনৰ জোঁৱাৰ,
মই বিৰহিনী ৰাধা 
যমুনা নদীৰ পাৰত বাউলী হৈ
ফেঁকুৰি ফেঁকুৰি কান্দিছোঁ --
" কেনেহে ৰাধা বিৰস মন
তোৰ কানাইয়া বাজায় বাঁশী।"
আহা ,আহা সখী আহা প্ৰাণ কৃষ্ণ!
সেউজ বননিৰ কেঁচা মাটিৰ গোন্ধ টানি টানি----
ৰঙা চৰণ পেলাই আহা --
আবিৰৰ ৰং সানি দিয়া মোৰ গালে মুখে,
এজাক বৰষুণ নামি আহি ধৰাৰ বুকুত
মোৰ অশান্ত হৃদয় দিয়ক তিয়াই !!

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)