মৰমৰ ক্ষুধা -দিপশিখা ৰাজকোঁৱৰ

©Admin
0
কোনোবা ৰক্ষক হৈ আছে নেকি?
মৰম নামৰ খৰছহীন দানত, 
মৰমৰ ক্ষুধাত অশ্ৰু নিগৰিছে
মৰম অবিনাশী হ'বলৈ এৰিছে।
এবাৰ চুম্বন কৰাৰ প্ৰয়োজন 
তৃষ্ণাতুৰ হৈ থকা হৃদয়ক ,
মৰমৰ ক্ষুধাত ব্যাকুল হৈ 
এখন আৱেদন জাৰী কৰিছোঁ 
উত্তৰ অহালৈ ধৈৰ্য ধৰিছো 
মৰমৰ ক্ষুধাত অৱশ হৈছোঁ 
 বহু সময়ত  নিন্দা পাইছোঁ। 
মৰমৰ ক্ষুধাত মই শোকাৰ্তা 
ধীৰে ধীৰে নিশকতীয়া হৈ 
মৃত্যুৰ ফালে গতি কৰিছোঁ 
বিষন্ন মন লৈ ঘূৰি ফুৰিছো
মৰমৰ ক্ষুধাত তৃষ্ণাতুৰ হৈ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)