প্ৰেম নে যন্ত্ৰনা -হাইছ উদ্দিন আহমেদ

©Admin
0
আজিকালি ভালপোৱাবোৰ কোনো
পাৰ্কৰ সুবাস হ'ল।
প্ৰেম মানে চৰ্চা আৰু শৰীৰৰ বিক্ৰী হ'ল।

সাগৰৰ ঢৌৱে ঢৌৱাই গৈছিল বুলি মইতো ডুবি যোৱা নাই
মোক পিছে কিয়নো বদনাম কৰা হ'ল।

কেঁচা মাংস লোভি শ্ৰেষ্ঠ প্ৰাণী জ্ঞানী নহ'ল
বৰঞ্চ সিহঁতৰ গোষ্ঠীক যিমান পাৰে তলতীয়া কৰা হ'ল।

সৰাপাতৰ পিছতহে কুঁহিপাত আৰু ফুল ফুলে
এতিয়া কলি যুগৰ পাৰ হ'ল
নাইকিয়া হ'ল সকলো সমাধান
কিন্তু সমস্যা বাঢ়ি গ'ল।

নাৰী মানেই জানো সহ্য কৰিব লগা হ'ল
পুৰুষৰ জন্ম নাৰীৰ গৰ্ভত পৃথিৱী যেতিয়াৰ পৰা সৃষ্টি হ'ল।

কাপুৰুষ সিহঁতৰ দল হ'ল
দৰ্পন সিহঁতৰ হাতৰ তলুৱাত
আৰু ধৰ্ষণ সিহঁতৰ গৌৰৱ হ'ল।

ধিক্কাৰ দিবও নোৱাৰি কাৰণ সিহঁতৰ লগত ৰাজনেতাৰ হাত হ'ল।
প্ৰতিবাদ কৰিবও নোৱাৰি কাৰণ কণ্ঠৰোধ কৰিবলৈ প্ৰশাসন বঢ়াই দিয়া হ'ল।

দেখা মাত্ৰেই গুলীয়াই দিয়া হ'ল
সিদিনা চাৰিগৰাকী যুৱকক হত্যা কৰা হ'ল
আকৌ কালিলৈ অসহায় নাৰী ন্যায় বিচাৰিব লগা হ'ল।

এই কাণ্ড শেষ নহ'ল
বছৰে বছৰে বাতৰি কাকতত সকলোৱেই পঢ়ি আপচুছ কৰে আৰু সিহঁত সাৱধান হ'ল।

ছলনা আছিল প্ৰেমৰ
ভালপোৱা আছিল শৰীৰৰ
হৃদয়ত আছিল সপোন
এদিন সব শেষ হ'ল।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)