শব্দৰ আঘাত-দিপশিখা ৰাজকোঁৱৰ

©Admin
0
ধাৰ থকা এখন শব্দৰ অস্ত্ৰ 
খৰ গতিৰে আকস্মিকভাৱে 
আঘাত কৰা এখন অস্ত্ৰ শব্দৰ,
নিশকতীয়া মনটোক লৈ 
বহুতে ৰং চাই আঘাত কৰে 
যি আঘাতৰ বাবে তুলি লয়
 ধাৰ থকা এখন শব্দৰ অস্ত্ৰ ।
আঘাতৰ পিছত কেতিয়াও 
ৰক্তৰাগেৰে ভৰি নপৰে মোৰ 
দুগালৰ দুখন উকা চোতাল,
কিন্তু পি খোৱা পানীৰ দৰেই
শুভ্ৰ বৰণে ভৰি পৰে দুগাল
প্ৰসাধন সামগ্ৰীৰ দৰেই 
দুহাতেৰে মোহাৰি দিলে 
দুগালত লিপিট খাই পৰে 
শুভ্ৰ ৰঙৰ অশ্ৰুৰ টোপাল ।
সেই আঘাত সামান্য নহয় 
বিনা কষ্টত সহ্য কৰিবলৈ,
শব্দৰ আঘাতৰ সমান 
আছে জানো আন কিবা আঘাত?
ক্ষুধাতুৰ নোহোৱাৰ পিছতো 
বাৰে বাৰে পোৱা আঘাতৰ বাবেই
এতিয়া প্ৰস্তৰ মূৰ্তি হৈ পৰিছো।
খিলখিলাই হাঁহি থকা মনটো 
শব্দৰ আঘাতত শেঁতা পৰে 
শব্দৰ অস্ত্ৰই আঘাত কৰিলে 
হৃদয়খন ভয়ত কপি উঠে,
শব্দৰ আঘাতে বহু কথা 
ভাবিবলৈ বাধ্য কৰোৱাই 
উজাগৰী  নিশা কন্দোৱাই 
সঁচাকৈ নোৱাৰি সহ্য কৰিব 
সেই শব্দৰ অস্ত্ৰৰ আঘাত।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)