মোৰ সন্মুখেদি শব্দৰ নৈসৰ্গিক শোভা যাত্ৰা।
পদপৃষ্ঠহৈ কাতৰ বিনিদ্ৰ ৰজনীৰ অনুভৱ।
কলৈ যায় ইমান শব্দ ।
চিত্ৰকল্পৰ ফ্ৰেমত বান্ধি
সজাও নেকি কবিতাৰ শৰীৰ ।
লালায়িত মোৰ শিল্পীত চেতনা।
লাহে লাহে অনুভৱ কৰোঁ
কাব্য প্ৰসৱৰ যন্ত্ৰণা।
প্ৰথম পৃথিৱীৰ মুখ দেখা মোৰ কাব্য সন্তানৰ
কুমলীয়া কেকঁনি
প্ৰতিবেশীৰ আদৰ আৰু সমালোচনা।
লাহে লাহে দেখিলোঁ
শব্দৰ নৈসৰ্গিক শুভাযাত্ৰাত চামিল হ'ল
মোৰ কাব্য সন্তান ।
এতিয়া যে মই গৌৰৱান্বিত মাতৃ।

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ