জীৰাইছা আঁহতৰ ছাঁত,?
কত দূৰ বাট আৰু আছে যাবলৈ
আছেনে শক্তি বাৰু গাত?
তোমাৰ দৰেই আৰু ক'ত শত জনে
আহি আহি বহিলেহি আঁহতৰ ছাঁত
জুৰি মলয়াত লৈ ক্ষন্তেক বিশ্ৰাম
নিজৰ পথেৰে ল'লে বাট
আৰু বা কিমান আহে নাজানে কোনোৱে
কোন বাটে গুচি যায়
নাপায় ঠিকনা
হাঁহি আৰু কান্দোনৰ
পোৱা আৰু নোপোৱাৰ
হিচাপৰ নাই যে নমুনা।
শূণ্য হাতেৰে আহি
শূণ্য হাতেৰে গ'লা
এৰি গ'লা জীৱনৰ হাট
স্মৃতিৰ বুকুত আঁকি
প্ৰীতিৰ ৰক্তলেখা
আৰু এটি মৰমৰ মাত ।

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ