যিদৰে সলনি হয় পাহাৰৰ উচ্চতা
সলনি হয় যিদৰে নদীৰ গভীৰতা।
কিবা পাবৰ বাবে কিবা হেনো
হেৰুৱাব লাগে,
নিজকে হেৰুৱাওঁ বাৰে বাৰে
তোমাক পাবৰ অপেক্ষাত।
আকাশখন চুই চাব খোজো,
দেখিব খোজো অনেক নতুন সপোন।
অনিশ্চয়তাৰ সতে বসবাস কৰো ,
দুচকুত শূন্যতা লৈয়ো
তোমাকে বিচাৰি ফুৰো।
হেঁপাহবোৰ কেতিয়াবা হুমুনিয়াহ হয়,
সপোনৰ ভগ্নস্তূপত ওলমি ৰয়
কিছু নিঃসংগ সপোন।

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ