একপক্ষীয় প্ৰেম -বিজিত কলিতা

©Admin
0
অভিজিত শৰ্মা আছিল এখন সৰু চহৰৰ  ল'ৰা। সহজ-সৰল পৰিৱেশত সি ডাঙৰ-দীঘল হৈছিল।সৰুৰে পৰা তাৰ পঢ়া-শুনাৰ প্ৰতি আগ্ৰহ আছিল, আৰু কিতাপ তাৰ প্ৰিয় বন্ধু আছিল। তাৰ স্বভাৱ শান্ত,  আৰু অলপ অকলশৰীয়া আছিল। সি নিজৰ কামত নিমগ্ন হৈ আছিল  আৰু নিজৰ পৃথিৱীখনত হেৰাই গৈছিল, যত তাৰ বাস্তবতা আছিল।  কলেজত এডমিচন লোৱাটো তাৰ বাবে এটা নতুন অধ্যায়ৰ দৰে আছিল। অভিৰ সৰু পৃথিৱীখনৰ পৰা সম্পূৰ্ণ পৃথক এই বৃহৎ চহৰখনৰ  কলেজখনত এক সুকীয়া পৰিবেশ আছিল। সকলোৱে ইয়ালৈ আহিছিল নতুন সপোন লৈ। সকলোৱে নতুন জীৱন বিচাৰি আহিছিল, এই ভিৰৰ মাজত অভিয়ে নিজকে অকলশৰীয়া  অনুভৱ কৰিছিল। তেওঁ অনুভৱ কৰিছিল যে সি ইয়ালৈ কেৱল পঢ়া-শুনা কৰিবলৈহে আহিছে আৰু পঢ়া-শুনা তাৰ পৃথিৱী। কিন্তু এই সকলোবোৰ সলনি হল যেতিয়া সি প্ৰথমবাৰৰ বাবে সৃষ্টিক দেখিলে।
       এদিন অভিয়ে কলেজৰ লাইব্ৰেৰীত নিজৰ প্ৰিয় কিতাপখন বিচাৰি আছিল। এনেতে লাইব্ৰেৰীৰ ৰেকৰ পিছফালে এটা  শব্দ শুনা গ'ল –  কোনোবাই পৃষ্ঠা লুতিয়াই  দিয়াৰ শব্দ,লগতে কোমল  হাঁহি এটা, অভিয়ে ভালদৰে চাওঁতে সন্মুখৰ ৰেকৰ ওচৰত থিয় হৈ থকা ছোৱালী এজনীয়ে দেখিলে ।সেইজনীই আছিল সৃষ্টি। তাইৰ চকু জিলিকি উঠিছিল, যেন তাই কিবা নতুন আৱিষ্কাৰত ব্যস্ত হৈ পৰিছিল । মুখত মিচিকিয়া হাঁহিতিৰ  লগতে গভীৰ চিন্তা এটাও দেখা গৈছিল । তাই কিতাপখনৰ পৃষ্ঠাত হেৰাই গৈছিল তাই, ওঁঠত সামান্য হাঁহি এটাও  ওপঙি আছিল। সেই মুহূৰ্তত অভিৰ হৃদস্পন্দন বাঢ়িল। তাৰ এনে লাগিছিল যে তাৰ জীৱনত আগতে কেতিয়াও এনেকুৱা একো অনুভৱ হোৱা নাছিল। তাইৰ হাঁহিটো অভিৰ মনত গভীৰলৈ সোমাই গ'ল। সি মাথোঁ একো নোকোৱাকৈ তাইৰ ফালে চাই থাকিল। 
     সৃষ্টি আছিল এখনি চঞ্চল নদীৰ দৰে। তাইৰ মুখত এটা মিচিকিয়া হহি আছিল যিটো তাইৰ আত্মবিশ্বাসৰ লগত  মিলি তাইক আৰু অধিক বিশেষ কৰি তুলিছিল। তাই হাঁহিব, সকলোৰে লগত কথা পাতিব, নিজৰ উপস্থিতিৰে পৰিৱেশটোক সজীৱ কৰি তুলিব। তাইৰ হাঁহিটো আছিল শিশুৰ দৰে – বিশুদ্ধ, নিৰ্দোষী, আৰু সকলোকে আকৰ্ষণ কৰিব পৰা ধৰনৰ ।

সৃষ্টিৰ চকুত সকলো বস্তুৰ প্ৰতি এক নতুন উদ্যম আৰু উৎসাহ থকাটো দেখি অভিয়ে ভাল পাইছিল । তাইৰ কথা কোৱাৰ ধৰণ, তাইৰ মিছিকিয়া হাহিটি আৰু মাজে মাজে ছিৰিয়াছ হোৱা – এই সকলোবোৰ কথাই অভিক সম্মোহিত কৰিছিল। সৃষ্টিৰ মনত এটা আত্মবিশ্বাস আছিল, যিয়ে তাইক সকলোতকৈ পৃথক কৰি তুলিছিল।সৃষ্টিৰ বহুতো বন্ধু আছিল, তাই কেৱল বন্ধুত্ব বজাই ৰখাত পাকৈত হোৱাই নহয়, বন্ধু-বান্ধৱীকো বুজি পাইছিল। অভিয়ে অনুভৱ কৰিছিল যে সৃষ্টিৰ সেই মিছিকিয়া হাঁহিটো তাৰ জীৱনত সংগীতৰ দৰে আছিল, যিয়ে তাক সুখী কৰি ৰাখিছিল।
    লাহে লাহে অভিৰ হৃদয়ত জন্ম হল এক নীৰৱ প্ৰেম। কিন্তু এই নীৰৱ প্ৰেমেও তাৰ মনত এক গভীৰ দ্বিধাদ্বন্দ্ব কঢ়িয়াই আনিলে। সি কাৰো আগত নিজৰ অনুভৱ প্ৰকাশ কৰিব নোৱাৰিলে, সৃষ্টিৰ ওচৰলৈ গৈ নিজৰ অনুভৱ প্ৰকাশ কৰাৰ সাহসও নাছিল। তাক প্ৰতিদিনে এই ভয়টোৱে খেদি ফুৰিছিল যে যদি সি সৃষ্টিৰ আগত নিজৰ অনুভৱবোৰ প্ৰকাশ কৰে আৰু তাই তাক নাকচ কৰে তেন্তে তাই হয়তো চিৰদিনৰ বাবে তাৰ পৃথিৱীৰ পৰা আঁতৰি যাব ।  সি তাইৰ ওচৰলৈ যোৱাৰ কথা ভাবিলেই তাৰ অন্তৰত ভয় এটাই ঠাই লৈছিল। তাৰ বন্ধুত্ব আৰু সৃষ্টিৰ হাঁহিটো চিৰদিনৰ বাবে হেৰাই যাব পাৰে বুলি ভয় কৰিছিল।সি তাৰ হৃদয়ৰ গভীৰ কোণত পুহি ৰাখিছিল নিজৰ অনুভৱবোৰ। সি মাথোঁ ভবিছিল যে তাৰ সুখ নিহিত হৈ আছে তাৰ একপক্ষীয় প্ৰেমত।
    যদিও সি আগৰ দৰে বন্ধু-বান্ধৱীৰ লগত ভালদৰেই মাতবোল কৰি আছিল , কিন্তু তাৰ হৃদয় সদায় সৃষ্টিৰ প্ৰতি আকৰ্ষিত হৈ আছিল। তাৰ লগৰবোৰেও বুজিবলৈ ধৰিলে যে অভিয়ে সৃষ্টিৰ প্ৰেমত পৰিছে , কিন্তু সি কব পৰা নাই। বহু সময়ত বন্ধু-বান্ধৱীয়ে তাক নিজৰ অনুভৱ প্ৰকাশ কৰিবলৈ সাহস গোটাবলৈ কৈছিল যদিও প্ৰতিবাৰেই সি নিমাত হৈ আছিল ।
    সময় লাহে লাহে পাৰ হৈ গল, কলেজৰ দিনবোৰো শেষ হবলৈ ধৰিলে। অভিৰ হৃদয়ত এটা নতুন ভয় থিতাপি লবলৈ ধৰিলে - যে এইটোৱেই হব পাৰে তাৰ সৃষ্টীক লগ পোৱাৰ শেষ সুযোগ। কলেজৰ শেষ দিনটো আছিল আৱেগিক দিন, যত সকলোৱে বন্ধু-বান্ধৱীৰ পৰা বিদায় লৈছিল।

অভিয়ে দূৰৰ পৰাই সৃষ্টিক দেখিছিল, তাইৰ শিক্ত দুচকু সি চাব পৰা নাছিল। তাৰ হৃদয়ত এক উত্তেজনা বিৰাজ কৰিছিল যদিও নিজকে ৰখাব পৰা নাছিল। সি মাথোঁ মনে মনে চাই থাকিল, একো নোকোৱাকৈ, কোনো আশা নকৰাকৈ।
    কলেজৰ পাছত অভিৰ জীৱন একঘেয়ামী হৈ পৰিল। চাকৰি এটা পালে, জীৱনটো আগুৱাই লৈ গল, কিন্তু সৃষ্টিক সি এতিয়লৈকে পাহৰিব পৰা নাছিল  সি উপলব্ধি কৰিছিল যে তাৰ একপক্ষীয় প্ৰেম হয়তো কেতিয়াও পূৰণ নহব, কিন্তু এই প্ৰেমক সি নিজৰ জীৱনৰ অংশ কৰি লৈছিল। এদিন তাৰ পুৰণি কলেজৰ ওচৰেদি পাৰ হৈ গৈছিল । তাত  হঠাতে তাৰ চকু হুবহু সৃষ্টিৰ দৰে দেখা ছোৱালী এজনীৰ ওপৰত পৰিল। তাৰ হৃদয়খন হুলস্থুল কৰিবলৈ ধৰিলে,  কিন্তু ওচৰলৈ গৈ সি বুজি পালে যে তাই আন কোনোবা। তাৰ অন্তৰত শূন্যতা আৰু অসন্তুষ্টিৰ এক অদ্ভুত সংমিশ্ৰণ হৈছিল |  তেতিয়া তেওঁ উপলব্ধি কৰিছিল যে কিছুমান প্ৰেম কাহিনী সদায় অসম্পূৰ্ণ হৈয়েই থাকে, আৰু সেইটোৱেই তেওঁলোকৰ সৌন্দৰ্য্য। সৃষ্টিক সি চিৰদিন নিজৰ হৃদয়ত ৰাখিছিল। এতিয়া সি গম পালে যে এই অসম্পূৰ্ণতাতো এটা অদ্ভুত সম্পূৰ্ণতা আছে। অভিয়ে নিজৰ জীৱনটো আগুৱাই নিয়াৰ সিদ্ধান্ত লয়। তাৰ এই একপক্ষীয় প্ৰেম তাৰ জীৱনৰ আটাইতকৈ ধুনীয়া অংশ হৈ পৰিল। এই অসম্পূৰ্ণ প্ৰেমে যে তাক এজন নতুন মানুহ কৰি তুলিছে  সি বুজি পালে।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)