যেন বিবস্ত্ৰ,
সত্যবোৰো অসত্যৰ
প্ৰকোপত হৈছে পৰাস্ত ।
মানুহবোৰো হৈছে যে
আজি বৰ নিকৃষ্ট,
কৰ্মকাণ্ড বোৰ একেবাৰেই
নহয় উৎকৃষ্ট।
নৱপ্ৰজন্মও যেন আজি
হৈছে পথভ্ৰষ্ট ,
ৰাগিয়াল দ্ৰব্যত বৰ
বেয়াকৈ ক্ষতিগ্ৰস্ত ।
চোদিশে মৰা-কটা
হাতত লৈ তীক্ষ্ণ অস্ত্ৰ,
বেয়াৰ প্ৰতি মানুহবোৰ
যেন আজি বেছিকৈ আকৃষ্ট ।
সকলোতে চলিছে
মাথোঁ টকাৰেই ৰাজত্ব,
যাৰ বাবে সাধাৰণ মানুহৰ
আজি কমিছে গুৰুত্ব।
মানৱতাবোৰো দেখো
আজি হৈছে বিনষ্ট ।
ধ্বংসৰ দিশেৰেহে
যেন বাটবুলিছে আজি সমস্ত।

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ